ডিব্ৰুগড়ঃ  ৰহস্যময়ী ডিম্পী নেওগ হত্যাকাণ্ডৰ ন ন তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় আৰক্ষীয়ে। কালি ৭ দিনৰ বাবে আদালতে হত্যাকাৰী দিব্যজ্যোতি বৰুৱাক আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত ওৰে নিশা জেৰা চলাই আৰক্ষীয়ে।

আৰক্ষীৰ  জেৰাত হত্যাকাৰী দিব্য জ্যোতিয়ে গাড়ীৰ ভিতৰত ডিম্পীক হত্যা কৰি ক'ত তেজৰ চেকুৰা লগা গাড়ীৰ ক'ভাৰ পেলাই থৈ গৈছিল,  ক'ত গাড়ী ধুইছিল সেই কথাও স্বীকাৰ কৰে। ফলত দিব্যজ্যোতিৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি পুৱাই  ডিব্ৰুগড় আৰক্ষীয়ে  চহৰখনৰ  লাচিত নগৰত উদ্ধাৰ কৰে হত্যাকাৰীয়ে ব্যবহাৰ কৰা গাড়ীখনৰ ছীটৰ ক'ভাৰ।

স্ক'ৰপিঅ " গাড়ীৰ ভিতৰত গুলিয়াই ডিম্পীক হত্যা কৰাৰ পিছতে তেজ লগা  চিট কভাৰ খুলি লাচিত নগৰৰ নলাত পেলাই থৈ গৈছিল। আজি আৰক্ষীয়ে  এইবিলাক  উদ্ধাৰ কৰে। ইপিনে হত্যাকাণ্ডৰ পিছতে গাড়ীখন ডিব্ৰুগড় চহৰৰ এম এছ কে ছাৰ্ভিচিং চেন্টাৰত গাড়ীখন ধুইছিল বুলিও আৰক্ষীয়ে জনাইছে।

ছাৰ্ভিছিং চেন্টাৰৰ কৰ্মীয়ে দিব্যজ্যোতিক তেজ গাড়ীত কেনেকৈ লাগিল সুধিছিল। কিন্তু  হত্যাকাৰী দিব্যজ্যোতিয়ে গাড়ীৰ ভিতৰত বিয়েৰ খাই বন্ধুৰ লগত  অলপ কাজিয়া কৰোতেই এজন আঘাতপ্ৰাপ্ত হোৱাত তেজ ওলাইছিল বুলি সদৰী কৰিছিল।

আৰক্ষীৰ সোধ-পোছত এই সমগ্ৰ ঘটনাৰাজি পোহৰলৈ আহিছে। ইপিনে হত্যাকাৰীটোৱে আৰক্ষীৰ জেৰাত ডিম্পী নেওগৰ লগত কেইখনমান ঠাইৰ একাধিক সাংবাদিকৰ লগত সম্পৰ্ক থকা আৰু হানী টেপিঙৰ কাণ্ড কৰি বহুতৰে পৰা ধন সৰকোৱা বুলিও সদৰী কৰা বুলি জানিব পৰা গৈছে।