
ডিব্ৰুগড়ঃ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে দীনদয়াল উপাধ্যায়ক লৈ৷ ৰাজ্যৰ ফেচবুক ব্যৱহাৰকাৰী, দল-সংগঠন সকলোৱে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দীনদয়াল উপাধ্যায়ৰ নমাত ৰাজ্য চৰকাৰে মহাবিদ্যালয়ৰ স্থাপন কৰিব বিচৰাৰ পাছতে৷
অহা ৪ বছৰত ৰাজ্য চৰকাৰে স্থাপন কৰা মহাবিদ্যালয় সমূহ দীনদয়াল উপাধ্যায় নামত নামাকৰণ কৰিব বুলি প্ৰচাৰ কৰাৰ পাছতে ৰাজ্যজুৰি হৈ-চৈৰ সৃষ্টি হৈছে৷ বিভিন্ন দল-সংগঠনৰ লগতে চৰকাৰৰ এনে সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে৷
সংগঠনটোৰ সভাপতি যুগল বৰুৱাই হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ দিনত ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধীৰ নামত কংগ্ৰেছ চৰকাৰে আঁচনি সমূহ নামাকৰণ কৰোতে বিৰোধিতা কৰা নাছিল বুলি কয়। আৰু আজিও বিজেপি দললৈ অহাৰ লগে লগে মন্ত্ৰী হোৱাৰ পিছত বিজেপি দলৰ ৰাষ্ট্রীয় নেতৃত্বক সন্তুষ্ট কৰিবলৈ দীনদয়াল উপাধ্যায়ৰ নামত ২২ খনকৈ মহাবিদ্যালয়ৰ নাম নামাকৰণ কৰিবলৈ লৈছে হিমন্তই৷
দিল্লীক সন্তুষ্ট কৰিবলৈ হিমন্তই যিকোনো কাম কৰিব পাৰে বুলি কয় জনগোষ্ঠীয় সংগঠনৰ নেতাগৰাকীয়ে৷ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈয়ে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি চৰকাৰে গাৰ বল প্ৰয়োগ কৰি অসম আৰু অসমীয়া জাতীয় জীৱনৰ প্ৰতি কোনো অৰিহণা নথকা এজন ব্যক্তিৰ নামত অসমৰ ২২ খনকৈ মহাবিদ্যালয়ৰ নামাকৰণ কৰি বিজেপি চৰকাৰখনে অসমৰ শিক্ষা-সংস্কৃতি-সাহিত্যৰ ক্ষেত্ৰখনৰ মহান মহান ব্যক্তিসকলৰ লগতে অসমৰ বীৰ-বীৰাঙ্গনা সকলকো চৰম অপমান কৰা বুলি কয়।
বিজেপি চৰকাৰখনৰ এনে টোঘলকী সিদ্ধান্ত অগণতান্ত্ৰিক আৰু ফেচিষ্ট চৰিত্ৰ প্ৰকাশ পাইছে বুলি কয় উদয়ন কুমাৰ গগৈয়ে। 'জাতি-মাটি-ভেটিৰ অৰ্থ সমগ্র ভাৰতবৰ্ষ বুলি আজি ৰঞ্জিত দাসে ক'লে৷ মই কব খোজো সেইটো এটা আধা পাগল৷ যাৰ বাবে তেওঁ তেনেকৈ কৈছে৷ তেওঁক মানসিক চিকিৎসাৰ প্ৰয়োজন।'-এইদৰে কয় উদয়ন গগৈয়ে। বিজেপি চৰকাৰে অতি শীঘ্ৰে এই সিদ্ধান্ত বাতিল কৰি অসমৰ জাতীয় জীৱনত অৰিহণা আগবঢ়াই যোৱা মহান মনীষিসকলৰ নামেৰে মহাবিদ্যালয় স্থাপনৰ দাবী জনায়।
অন্যথা অসমৰ ৰাইজৰ সহযোগত জংগী আন্দোলনৰ গঢ়ি তোলা হ'ব বুলি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ আৰু মটক যুৱ ছাত্ৰ পৰিষদৰ সভাপতি যুগল বৰুৱাই স্পষ্ট কৰি দিয়ে।
আনহাতে তাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি লোহিত গগৈয়ে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক কঠোৰভাৱে সমালোচনা কৰে৷ বিজেপি দলৰ স্বজন-তোষণৰ এই নীতি আৰু কিমান দিনলৈ বুলি আহোম নেতাগৰাকীয়ে প্ৰশ্ন কৰে৷