গুৱাহাটীঃ নৱম শ্ৰেণীত পঢ়ি থকা কালতে এটি গীত গাই অসমবাসীৰ আপোন হৈ পৰা সুকন্ঠী গায়িকা দিপালী বৰঠাকুৰ অসুস্থ হৈ মহানগৰীৰ নেমকেয়াৰ হস্পিতালত চিকিৎসাধীন হৈ আছে৷ চৰাইদেউ জিলাৰ সোণাৰিৰ নীলমনি বাগানত জন্ম গ্ৰহণ কৰা দিপালী বৰঠাকুৰে নৱম শ্ৰেণীত পঢ়ি থকা কালতে ‘বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা’ গীতটো গাই জনপ্ৰিয় হৈ পৰিছিল।

ইয়াৰ পাছতে তেওঁৰ কণ্ঠই সমগ্ৰ অসমত জনপ্ৰিয়তা লাভ কৰে। ৰাজ্যজুৰি জুবিন গাৰ্গৰ বোলছবি মিচন ছাইনাৰ জয়জাত্ৰাৰ সময়তে সুকন্ঠি গায়িকাগৰাকী অসুস্থহৈ নেমকেয়াৰ হস্পিতালত ভৰ্তি হ’ব লগা হয়৷ কুকিলকণ্ঠী গায়িকা দিপালী বৰঠাকুৰৰ চিকিৎসাক সমস্ত খৰচ বহন কৰিছে নেমকেয়াৰ হস্পিতালে৷

সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই, জোনধনে জোনালীতে, কণমান বৰশীৰে চিপ, চেনাই মই যাওঁ দেই, অ' বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা আদি কালজয়ী গীতৰ গায়িকা দীপালী বৰঠাকুৰে পদ্মশ্ৰী, অসম চৰকাৰৰ শিল্পী বঁটা, 'লিঅ' এক্সপো শিল্পী সন্মান আদিয়ো লাভ কৰে৷

আনহাতে নেমকায়াৰ কৰ্তৃপক্ষই জনোৱা মতে আজি আবেলিৰ ভাগলৈ সুকণ্ঠি গায়িকাগৰাকীক মেডিকেলৰ পৰা ঘৰলৈ প্ৰেৰণ কৰা হ’ব৷ শিল্পীগৰাকীৰ আশু আৰোগ্যৰ বাবে NEWS NEXT ONEৰ পৰিয়ালেও প্ৰাৰ্থনা জনায়৷