অতি সুন্দৰ মনৰ চিত্ৰশিল্পী নীলপৱন বৰুৱাই ৰুগ্নৰুগ অৱস্থাতে দীপালীক কইনা ৰূপে কলগছৰ বেইৰ তললৈ নিলে...

১৯৬০ চনত ভাষা আন্দোলনৰ সময়ত শান্তিৰ বাবে মই আৰু হেমাঙ্গ বিশ্বাস যেতিয়া গুৱাহাটীলৈ যাওঁ, তেতিয়া কটন কলেজত পঢ়ি থকা দীপালীক মই লগ ধৰি আমাৰ সভাত গীত গাবলৈ অনুৰোধ কৰোঁ৷ সেই নিশা দীপালীৰ গীত শুনি এনে ভাব হ’ল যেন - অসমৰ স্বকীয় সৌন্দৰ্য থকা, উচ্চাৰণৰ শুদ্ধতা থকা, পৰিৱেশনাত মাৰ্জ্জিত ৰুচি থকা এই ছোৱালীগৰাকী অতুলনীয়৷...
তাৰ পাছত দীপালী অসমীয়া সঙ্গীতত, বনগীতসুৰীয়া গীতত একচ্ছত্ৰী ৰাণী হৈ উঠিল৷ দীপালীৰ ককায়েক শ্ৰীভবেন বৰঠাকুৰেও ভগ্নীৰ কণ্ঠৰ উপযোগীকৈ অতি সুন্দৰ গীত ৰচিলে - অতি সুন্দৰ সুৰ দিলে৷
...তাৰ পাছত হঠাৎ এদিন শুনিলোঁ, দীপালীৰ কণ্ঠ ৰুদ্ধ হ’ল৷ মোৰ এতিয়াও মনত আছে৷ চন তাৰিখ পাহৰিলোঁ - দৰং কলেজৰ কিবা এটি উৎসৱত মই গীত গাব লাগে৷ 'জ্যোতিপ্ৰসাদ আৰু জয়মতী' নামৰ তথ্যচিত্ৰখনৰ শ্বুটিং কৰি উভতিছোঁ ড° ৰবীন গোস্বামীৰ ঘৰলৈ৷ তেওঁ ক’লে, 'দীপালীৰ কণ্ঠ অঞ্চলৰপৰা মস্তিষ্কলৈ যোৱা ৰগ নে শিৰসমূহৰ কিবা অসুখ হৈছে...মোৰ মনটো বেয়া লাগি গ’ল৷ ডাক্তৰক সুধিলোঁ - দীপালীয়ে গীত গাব পাৰিব নে নোৱাৰে? তেওঁ ক’লে - নোৱাৰিবও পাৰে, যি অসুখ হোৱা বুলি শুনিছোঁ, সেইটো যদি সঁচা হয়৷ সঁচাকৈয়ে তেতিয়াও নাজানো দীপালীয়ে গান গাব পাৰিবনে, নোৱাৰে৷ কেইদিনমান আগতে মই লিখা গীতটো আছিল 'শীতৰে সেমেকা ৰাতি'৷ তাত খেতিয়কৰ তুঁহজুইৰ, দিন-মজুৰৰ, সংখ্যালঘু আদিৰ সমস্যাৰ কথা লিখি থৈছিলোঁ৷ পাচত যেতিয়া দীপালীৰ কণ্ঠ ৰুদ্ধ হোৱাৰ কথা শুনিলোঁ, তেতিয়া অকল দীপালীৰ কথাকে ভাবি (কাকো একো নকৈ) লিখিছিলোঁ তলৰ কেইশাৰী কথা৷ গানটোত গায়িকা বুলি নকৈ গায়ক বুলিহে লিখিছিলোঁ এনেদৰে -
"শীতৰে সেমেকা ৰাতি
কণ্ঠৰুদ্ধ কোনো সুগায়কৰ
প্ৰভাত আনিব পৰা
অথচ নোগোৱা এক
অমৰ গীতৰ বাবে
মই যেন এটি সুধাকণ্ঠ হওঁ
সুধাকণ্ঠ হওঁ
সুধাকণ্ঠ হওঁ৷"
দৰং কলেজত সেই শীতৰ সন্ধিয়া গাই থাকোঁতে মই দুখেৰে কৈছিলোঁ - 'শুনিছোঁ দীপালীৰ কিবা অসুখ হৈছে - কথাটো যেন অসত্য হয়৷' সেই গীতৰ সভাত উপস্থিত আছিল দৰং কলেজৰ তেতিয়াৰ প্ৰিন্সিপাল শ্ৰীবিপিনপাল দাস৷
তাৰ পাছত ড° নিৰ্মলপ্ৰভা বৰদলৈক লগ পালোঁ৷ দীপালীৰ চিকিৎসা ভাৰতত ভালদৰে নহ’ব৷ পুঁজি এটি সকলোৱে ঠিক কৰি সুদূৰ আয়াৰলেণ্ডলৈ পঠিওৱাৰ ব্যৱস্থা হ’ল৷ কলিকতাৰ অসম ভৱনত মই দীপালী আৰু তেওঁৰ ককায়েক শ্ৰীবৰঠাকুৰক লগ ধৰিলোঁ৷ আলোচনা হ’ল৷ দীপালীক আয়াৰলেণ্ডলৈ পঠোৱা হ’ল৷
...কিন্তু দুৰ্ভাগ্যবশতঃ দীপালীৰ কণ্ঠৰ উন্নতি নহ’ল৷
তাৰ পাছত অতি উদাৰ মনৰ, অতি সুন্দৰ মনৰ চিত্ৰশিল্পী নীলপৱন বৰুৱাই ৰুগ্নৰুগ অৱস্থাতে দীপালীক কইনা ৰূপে কলগছৰ বেইৰ তললৈ নিলে৷ সকলোৱে নীলপৱনক আৰু দীপালীক আশীৰ্বাদ দিলে৷ আনুভূতিকভাৱে আশ্ৰয় দি দীপালীক শুশ্ৰূষা কৰি, পুনৰ গায়িকা কৰি তোলাৰ আপ্ৰাণ চেষ্টা কৰিলে নীলপৱনে৷
...কুলিৰ মাত বন্ধ হৈ যাব পাৰে৷ তাৰ প্ৰতিধ্বনিতো চিৰযুগমীয়া কৰিব পাৰি! দীপালীৰ কণ্ঠ-মাধুৰ্য্য সমগ্ৰ অসমীয়া জাতিৰ সম্পত্তি নহয় জানো?"
[ড° ভূপেন হাজৰিকা
গ্ৰন্থ - মই এটি যাযাবৰ
প্ৰথম প্ৰকাশ - ১৯৯৩ চন]