ডিফুঃ কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত শনিবাৰে ৰাজ্য চৰকাৰৰ আনন্দৰাম বৰুৱা বঁটা ২০১৮ ৰ অধীনত  ডিফুত কৃতী ছাত্ৰ-ছাত্ৰীৰ মাজত আনুষ্ঠানিক লেপটপ বিতৰণ কৰা হয়৷

২০১৮ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰি কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱা পূব কাৰ্বি আংলঙৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে লেপটপ বিতৰণ কৰা হয়৷

ডিফু, বোকাজান হাওৰাঘাট আৰু হামৰেণৰ ২০৪ গৰাকী কৃতী ছাত্ৰ -ছাত্ৰীৰ লক্ষ্য লৈ এই বঁটা আনুষ্ঠানিক বাবে বিতৰণ কৰা হয়৷ আনুষ্ঠানত বঁটা বিতৰণি অনুষ্ঠানত ক্ৰমে, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, কাৰ্যবাহী সদস্য হৰেণচিং বে’ অতিৰিক্ত উপায়ুক্ত জোণমনি সোণোৱাল আৰু বিদ্যালয় সমূহৰ পৰিদৰ্শক ৰৱেলচন ৰংপি উপস্থিত থাকি কৃতী ছাত্ৰ-ছাত্ৰীৰ মাজত বঁটা সমূহবিতৰণ কৰে৷

মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰসংগত কয় যে, আজিৰ পৃথিৱীত বৰ্তমানৰ প্ৰজন্মক কম্পিউটাৰ আৰু লেপটপৰ প্ৰয়োজন অনিবাৰ্য হৈ পৰিছে ৷ সেয়ে চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ মাজত এনেধৰণৰ অনুপ্ৰেৰণামূলক বঁটা আগবঢ়াই উৎসাহিত কৰি আহিছে৷