
ডিফুঃ শনিবাৰে নিশা ডিফুত অস্ত্ৰ-শস্ত্ৰসহ সশস্ত্ৰ সংগঠন ইউনাইটেড পিপুলছ্ ৰিভলোছনাৰী ফ্ৰণ্ট, চমুকৈ ইউ পি আৰ এফৰ তথ্য-সংযোগ সচিব আটক হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
প্ৰাপ্ত তথ্য অনুসৰি ১৫ ডিচেম্বৰৰ নিশা প্ৰায় ১০-৩০ মান বজাত এক বিশেষ সূত্ৰৰ পম খেদি সেনাৰ ১২ নং গাৰোৱাল ৰেজিমেণ্ট আৰু ডিফু আৰক্ষীৰ যৌথ অভিযানত ডিফুৰ বিৰলাৰ চি আৰ পি এফ কেম্পৰ ওচৰৰপৰা উগ্ৰপন্থী সদস্যজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
ধৃত সদস্যজন মাঞ্জা থানা এলেকাধীন জাউলিয়নৰ নিবাসী মৃত খপ্খ'জেলৰ পুত্ৰ জেংখ'লেট লাউজেম বুলি চিনাক্ত কৰা হৈছে। লগতে তেওঁ ইউ পি আৰ এফৰ তথ্য-সংযোগ সচিব বুলি জানিব পৰা গৈছে৷
ধৃত লাউজেমৰপৰা ফেক্টৰী নিৰ্মিত মেগজিনৰ সৈতে এটা পইণ্ট ২২ পিষ্টল আৰু পইণ্ট ২২ পিষ্টলৰ সজীৱ গুলী আৰু এটা ম'বাইল হেণ্ডছেট অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
এই সন্দৰ্ভত ডিফু থানাত ২৭১/ ১৮ নম্বৰত গোছৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১২০ (খ), ১২১ আৰু ১২১ (ক)আৰু অতিৰিক্তভাৱে আৰ/ডব্লিউ ধাৰা ২৫, ১- ক (অস্ত্ৰ আইন)ৰ অধীনত সংযোগ কৰা হৈছে। অধিক তথ্যৰ বাবে লাউজেমক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।