
ডিফুঃ শনিবাৰে ডিফু আৰক্ষীয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে অসাংবিধানিক মন্তব্য দিয়াৰ অভিযোগত কাৰ্বি ছাত্ৰ সন্থা চমুকৈ কে এছ এৰ সভাপতি ছিমিয়ণ ৰংফাৰক গ্ৰেপ্তাৰ কৰি ডিফু থানালৈ অনা কাৰ্যৰ প্ৰতিবাদত কে এছ একে ধৰি ১৬ টা সংগঠনে ৩৬ ঘণ্টীয়া কাৰ্বি আংলং বন্ধ ঘোষণা কৰে ৷
প্ৰাপ্ত তথ্য অনুসৰি বি এল টি চুক্তিৰ ৮ নং দফা বাতিল, সংবিধানৰ ২৪৪(ক) ৰূপায়ণ আৰু সংগঠনসমূহৰ সৈতে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ দাবী লৈ কে এছ একে আদি কৰি ১৬ টাকৈ সংগঠনে ৮ ডিচেম্বৰৰপৰা কাৰ্বি আংলং জিলাৰ ডকমকাৰপৰা লংমাৰ্চ কৰি আহি ১১ ডিচেম্বৰত ডিফুত উপস্থিত হৈ প্ৰধান মন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু মুখ্যকাৰ্যবাহী সদস্যলৈ এক স্মাৰক-পত্ৰ প্ৰদান কৰিবলৈ পৰিষদৰ সচিবালয়লৈ যাওতে সংগঠনসমূহে অভিযোগ কৰা অনুসৰি কোনো ই এম, এম এ চি আগবাঢ়ি নাহিল৷
পৰিষদৰ এজন সচিবেহে স্মাৰক-পত্ৰখন গ্ৰহণ কৰে৷ ইয়াৰ পাছত সংগঠনসমূহে এক জনসভা অনুষ্ঠিত কৰি সংগঠনসমূহৰ নেতৃবৰ্গই বি জে পিৰ শীৰ্ষ নেতৃত্বই নিৰ্বাচনসমূহৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ২৪৪ (ক) ৰূপায়ণ জিলাখনক স্বশাসন নিদিয়াক লৈ ভাষণৰ জৰিয়তে ক্ষোভ উজাৰে৷
উক্ত সভাত কে এছ এৰ সভাপতি ছিমিঅন ৰংফাৰে কাৰ্বি পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংফাৰক উদ্দেশ্যি অসাংবিধানিক মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰি তুলিৰাম ৰংহাঙৰ ভাতৃ ৰবিৰাম ৰংহাঙে ডিফু থানাত এজাহাৰ দাখিল কৰে৷
উক্ত এজাহাৰৰ ভিত্তিত ডিফু আৰক্ষীয়ে ডিফু থানাত ২৭০/১৮ নম্বৰত এক গোচৰ ৰুজোদি কে এছ এৰ সভাপতি ছিমিয়ণ ৰংফাৰক ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১৫৩, ১৫৯, ১৮৯, ৫০০, ৫০৪,৫০৫, ৫০৬ আৰু অতিৰিক্ত ভাবে আৰ/ডব্লিউ ধাৰা ৬৬ এফ এফৰ ৰুজোদি আজি পুৱা ১১ বজাত গ্ৰেপ্তাৰ কৰে৷
আনহাতে সভাপতি গৰাকীক কোনো ধৰণৰ ৱাৰেণ্ট বা জাননী নিদিয়াকৈ জামিন অযোগ্য গোচৰত গ্ৰেপ্তাৰ কৰা কাৰ্যত ক্ষোভিত হৈ পৰিছে কে এছ এৰ লগতে সংযোগী ১৬ সংগঠনে ৷ সংগঠনসমূহৰ নেতৃবৰ্গই এক সংবাদ মেলৰ আয়োজন কৰি বিনাচৰ্তে অতি শীঘ্ৰে সভাপতি ছিমিয়ণ ৰংফাৰক মুকলি কৰি দিয়াৰ দাবীত দেউবাৰে পুৱা ৫ বজাৰপৰা ৩৬ ঘণ্টীয় কাৰ্বি বন্ধ ঘোষণা কৰে৷
লগতে বন্ধৰপৰা অত্যাৱশ্যকীয় সেৱাসমূহ ৰেহাই দিয়ে৷ সংগঠন নেতৃবৰ্গই একে মুখে অভিযোগ তুলি কয় যে, বি এল টি চুক্তিৰ ৮ নং দফা বাতিলৰ দাবী আৰু সংবিধান প্ৰদত্ত দাবী ২৪৪ (ক) ৰূপায়ণৰ বাবে গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ পাছত তেওঁৰ বিৰুদ্ধে দিয়া এজাহাৰে কাৰ্বি পৰিষদে বি এল টি চুক্তিৰ ৮নং দফাৰ ৰূপায়ণত সমৰ্থন জনোৱা সূচাইছে আৰু বড়ো সকলক পাৰ্বত্য জনজাতি মৰ্যদা প্ৰদানত সহযোগ কৰিছে বুলি কয়৷
আনহাতে সভাপতি গৰাকীক শীঘ্ৰে মুকলি কৰি নিদিলে অনিৰ্দিষ্টকালৰ বাবে কাৰ্বি আংলং বন্ধ ঘোষণা কৰা হ'ব বুলিও সংগঠনসমূহৰ নেতৃত্বই হুংকাৰ দিয়ে৷ জিলাখনৰ প্ৰধান আঞ্চলিক বিৰোধী দল এইছ এছ ডি চিৰ সাধাৰণ সম্পাদক লাইচন ইংলেঙে ৩৬ ঘণ্টীয়া বন্ধৰ পূৰ্ণ সমৰ্থন জনাই কয় যে সভাপতি গৰাকীৰ সৈতে পৰিষদে কোনো আলোচনা অনুষ্ঠিত নকৰি সভাপতি গৰাকীয়ে জাতীয় স্বাৰ্থত লৈ কৰা আন্দোলনত বাধা আৰোপ কৰাৰ লগতে বাক্ স্বাধীনতা হৰণ কৰি সভাপতি গৰাকীক এজন অপৰাধী হিচাপে ডিফু আৰক্ষীৰ জৰিয়তে গ্ৰেপ্তাৰ কৰা কাৰ্য নিন্দনীয়, সেয়ে অতি শীঘ্ৰে বিনাচৰ্তে তেওঁক মুকলি কৰি দিয়াৰ আহ্বান জনায়।