
ডিফুঃ কাৰ্বি পাহাৰতো দেখা গ’ল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী গ' বেক ধ্বনিৰে উত্তাল ৰাজপথ।
ডিফুত টায়াৰ জ্বলাই প্ৰতিবাদ আছুৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে। একেদৰে ক'লা পতাকা উৰুৱাই প্ৰতিবাদ কৰে কাৰ্বি ছাত্ৰ সন্থাই।
প্ৰতিবাদকাৰী কাৰ্বি ছাত্ৰ সন্থাৰ কুৰিজনৰো অধিক সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ডিফুৰ জিলা কাৰাগাৰত নথৈ তেওঁলোকক লৈ গৈছে লামডিং অভিমুখে।
প্ৰতিবাদকাৰী আছুৰ সদস্যসকলক গ্ৰেপ্তাৰ কৰি ২৪ কিল’মিটাৰ দূৰৈৰ ধনশিৰি থানালৈ নিয়া হৈছে৷
একেদৰে কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীসকলক ডিফুৰপৰা ৩০ কিল’মিটাৰ দূৰৈৰ বৰলাংফাৰ থানালৈ নিছে আৰক্ষীয়ে৷