ডিফুঃ পূব কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ চৌহদৰপৰা হোজাইলৈ 'স্বাস্থ্যৱান ভাৰত’ৰ বাৰ্তা লৈ এক যাত্ৰা আৰম্ভ কৰিছে ২৫ জনীয়া চাইক্লীষ্টৰ দল এটাই। 

এই যাত্ৰাৰ ফ্লেগষ্টাফ অফ কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখি ফুড ছ’চাইটী এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াই 'পান ইণ্ডিয়া চাইক্লথন’ৰ 'ইট ৰাইট’ আন্দোলনক লক্ষ্য হিচাপে লৈ সমগ্ৰ ভাৰততে আৰম্ভ কৰা আন্দোলনৰ অংশ হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ দলে যোৱা ১৬ অক্টোবৰৰপৰা ত্ৰিপুৰাৰ আগৰতলাৰপৰা ক্ৰমে, মিজোৰাম, নাগালেণ্ড, আৰু আজি ডিফুৰপৰা ২৫ জনীয়া দলে এই যাত্ৰা আৰম্ভ কৰে। হোজাইত অইন দলৰ হাতত তেওঁলোকে বেটন হস্তান্তৰ কৰিব৷ 

এনেদৰে এটা দলে আন দলৰ মুখ্য চাইক্লীষ্টৰ হাতত বেটন হস্তান্তৰ প্ৰক্ৰিয়া অব্যাহত ৰাখি চাৰে তিনি মাহত এই যাত্ৰা সম্পন্ন কৰি গাঁৱে-ভূঁঞে, চহৰে-নগৰে 'ইট ৰাইট’ আন্দোলনৰ বাৰ্তা বিলাই যাব৷ আজি কাৰ্বি পৰিষদৰ চৌহদতে এফ এছ এছ এ আই এৰ কৰ্তৃপক্ষৰ জৰিয়তে সকলোৱে 'ইট ৰাইট’ৰ এনেদৰে শপত বাক্য পাঠ কৰে এইবুলি 'থোড়া কম, থোড়া কম তেল, থোড়ী কম চিনি, থোড়া কম নমক, জয় হিন্দ!! ইট ৰাইট’। 

আজিৰ যাত্ৰা কালত পৰিষদৰ চৌহদত অনুষ্ঠিত কাৰ্যসূচীত ক্ৰমে কাৰবি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, ইএম খনচিং ৰংপি, ৰাজু তিচ', অমৰচিং তিচ', এম এ চি লুনচিং তোৰণ, ৰামচিং টেৰণ, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক কাৰেং ৰংপিপী, জিলা অতিৰিক্ত উপায়ুক্ত জোনমনি সোণোৱাল আৰু জিলা নিৰ্বাচনী বিষয়া উপাসনা দত্ত উপস্থিত থাকে৷