ডিফুত জিলা উপায়ুক্তৰ সংবাদমেল
কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ৰূপায়িত হোৱা বিভিন্ন উন্নয়ণ মূলক আঁচনিৰ পাৱাৰ পইণ্ট প্ৰদৰ্শন

ডিফুঃ   অসম চৰকাৰৰ মুখ্য সচিব অলক কুমাৰৰ নিৰ্দেশ মৰ্মে ডিফুৰ জিলা উপায়ুক্তই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ ৰূপায়িত হোৱা বিভিন্ন উন্নয়ণ মূলক আঁচনিৰ সন্দৰ্ভত পাৱাৰ পইণ্ট প্ৰেজেণ্টেছনৰ জৰিয়তে মঙলবাৰে ডিফুৰ আৱৰ্ত ভৱনত সংবাদমেল যোগে সদৰি কৰে ৷ 

ইয়াৰে পূব কাৰবি আংলং জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তৰ আওতাত থকা সংসদ পূঁজি, বিধায়কৰ পূঁজি, চাহ বাগান সমূহৰ ধন পূৰস্কাৰ মেলা আৰু আনটাইডফাণ্ডত ৰূপায়িত হোৱা আচনিসমূহৰ খতিয়ান সমূহ ক্ৰমে, ৩ জনজাতীয় স্বায়ত্ত জিলা লোকসভা সমষ্টিৰ সাংসদ বিৰেণচিং ইংতিৰ উন্নয়ণ পূঁজিৰ ২০১৪-১৫ বিত্তীয় বৰ্ষৰ ২০৮ টা আঁচনিৰ ৫০০ লাখ টকা পূঁজিৰ আবণ্টন হৈছিল, ইয়াৰে ১৮৫ টা আঁচনি সম্পূৰ্ণ ৰূপায়ণৰ নামত ৪৮৪ দশমিক ১১৫ লাখ টকা ব্যয় হয় আৰু ২৩ খন আঁচনি অসম্পূৰ্ণ হৈ ৰয়, বেংকত জমা হৈ ৰয় ১৫ দশমিক ৮৮৫ লাখ টকা ৷ ২০১৫-১৬ বিত্তীয় বৰ্ষৰ ১৯৪ টা আঁচনিৰ ৫০০ লাখ টকা আবণ্টিত পূঁজিৰ ৮৯ টা আঁচনি সম্পূৰ্ণ হোৱাৰ বাবত ৩২১ লাখ ৬৬৩ হাজাৰ টকা ব্যয় হয় লগতে ১০৫ টা আঁচনি অসম্পূৰ্ণ হৈ আছে যদিও বেংকত ১৭৮ লাখ ৩৩৭৭ হাজাৰ টকা জমা হৈ আছে ৷ পূব কাৰবি আংলং জিলাৰ ৪ টা জনজাতীয় বিধান সভা সমষ্টিত ২০১৪-১৫ বিত্তীয় বৰ্ষৰ  ১৭নং বোকাজান বিধান সভা সমষ্টিৰ বাবে ৬৫ টা আঁচনিৰ বাবদ এশ লাখ টকা আবণ্টিত হোৱাৰ বিপৰীতে ৫৯ টা আঁচনি সম্পূৰ্ণ কৰা হয়

ইয়াৰে ৬ খন আঁচনি অসম্পূৰ্ণ হৈ ৰয়,  আঁচনি সম্পূৰ্ণ কৰি ৯৫ লাখ ৯৫ হাজাৰ টকা ব্যয় কৰে আৰু বেংকক জমা হৈ আছে  ৪ লাখ ৫ হাজাৰ টকা ৷ হাওৰাঘাট বিধান সভা সমষ্টিত ৩৫ টা আঁচনিৰ বাবে আবণ্টিত হয় ১০০ লাখ টকা, সম্পূৰ্ণ আচনি ৩৪ টা অসম্পূৰ্ণ  ১ টা মুঠ ব্যয় ৯৯ হাজাৰ  বেংকক জমা আছে ৷ ডিফু বিধান সভা সমষ্টিৰ ২৪ টা আঁচনিৰ বাবে এশ লাখ আবণ্টিত পূঁজিৰ ২৪ টা আঁচনিয়েই সম্পূৰ্ণ কৰি এশ শতাংশ সম্পূৰ্ণ ব্যয় হয় ৷ বৈঠালাংচত ১৫টা আঁচনিৰ ১৫ টা সম্পূৰ্ণ কৰি এশ লাখ আবণ্টিত ধনৰ এশ শতাংশ ব্যয় কৰা হয় ৷ ২০১৫-১৬ বিত্তীয় বৰ্ষৰ বোকাজানত ৫৮ টা আঁচনিৰ ৫১ টা সম্পূৰ্ণ ৭ টা অসম্পূৰ্ণ আবণ্টিত পূঁজিৰ ১০০ লাখ, ব্যয় হয় ৯৫ লাখ ৫০ হাজাৰ টকা, বেংকত জমা ৪ লাখ ৫০ হাজাৰ,  হাওৰাঘাটত ৩৩ টা আঁচনিৰ সম্পূৰ্ণ ৩২ টা, অসম্পূৰ্ণ ১ টা আবণ্টিত পূঁজী এশ লাখৰ ব্যয় ৯৮হাজাৰ ৫০ লাখ বেংকত ১ লাখ ৫০ হাজাৰ টকা৷ ডিফুত ২৮ টা আঁচনিৰ সম্পূৰ্ণ ২৪ টা, অসম্পূৰ্ণ ৪ টা  আবণ্টিত পূঁজি এশ লাখৰ ভেষজ হয় ৯৭ লাখ  বেংকত জমা হয় ৩ লাখ টকা ৷ বৈঠালাংচত ১৪ টা আঁচনিৰ সম্পূৰ্ণ ১৪ টা  আবণ্টিত পূঁজীৰ এশ লাখৰ এশ শতাংশ ব্যয় হয় ৷ ২০১৬-১৭ বিত্তীয় বৰ্ষৰ ৫২টা আঁচনিৰ ৫২ টা সম্পূৰ্ণ হয়, আবণ্টিত পূজী এশ লাখৰ এশশতাংশই ব্যয় হয় ৷ হাওৰাঘাটত ১৯ টা আঁচনিৰ সম্পূৰ্ণ ১৮ টা, অসম্পূৰ্ণ ১ টা এশ লাখৰ টকাৰ  ৯৭ লাখ ৫০ হাজাৰ ব্যয় হয় ,ডিফুত ১২টা আঁচনিৰ ৯ টা সম্পূৰ্ণ, ৩টা অসম্পূৰ্ণ এশ লাখ আবণ্টিত পূজিৰ  ব্যয় ৯০ লাখ ৪০ হাজাৰ বেংকত জমা ৯ লাখ ৬০ হাজাৰ টকা৷ বৈঠালাংছত ১৩ টা আঁচনিৰ সম্পূৰ্ণ ৭টা অসম্পূৰ্ণ ৬ টা ১০০ লাখ আবণ্টিত পূঁজিৰ ব্যয় ৮২ লাখ টকা, বেংকত আছে ১৮ লাখ টকা৷ 

২০১৭-১৮ বৰ্ষৰ  বোকাজানত ৬১টা আঁচনিৰ ৬১ টা অসম্পূৰ্ণ ১০০ লাখৰ ব্যয় ৬৪ লাখ ২৭ হাজাৰ টকা, বেংকত আছে ৩৫ লাখ ৭৩ হাজাৰ টকা, হাওৰাঘাটত আঁচনি ২২টা সম্পূৰ্ণ ২টা অসম্পূৰ্ণ ২০টা আবণ্ট্তি পূঁজিৰ ১০০ লাখৰ ৪৩ লাখ ১০ হাজাৰ ব্যয় ,ডিফু ১২টা আঁচনিৰ ১২ টা অসম্পূৰ্ণ ১০০ লাখৰ আবণ্টিত ধনৰ ৩১লাখ ২০হাজাৰ টকা ব্যয়, বেংকত আছে ৬৮ লাখ ৮০ হাজাৰ টকা৷ আনটাইড আঁচনি ২০১৫ - ১৬বৰ্ষৰ ১১টা আঁচনিৰ সম্পূৰ্ণ ৮টা অসম্পূৰ্ণ ৩ আবণ্টিত পূজিৰ ৭৫ লাখৰ ব্যয় ৫৪ লাখ ৫০ হাজাৰ বেংকক আছে ২০লাখ ৫০হাজাৰ টকা, ২০১৬-১৭ বৰ্ষৰ ১৮টা আচনিৰ সম্পূৰ্ণ ৯টা অসম্পূৰ্ণ ৯ টা আবণ্টিত ধন ৫০০ লাখ,ব্যয় ২২৯ লাখ ৫০হাজাৰ বেংকত আছে ২৭০লাখ ৪৫ হাজাৰ টকা, ২০১৭-১৮ বৰ্ষৰ ৪০টা আঁচনিৰ ৪০টা অসম্পূৰ্ণ আবণ্টিত পূঁজিৰ ব্যয় ১২০ লাখ ৪৭ হাজাৰ টকা, বেংকত ৭১৯ লাখ ৫৩ হাজাৰ টকা৷  চাহ বাগিচা ধন পুৰস্কাৰ মেলা নামবৰ নদী,ধনশিৰী, বনজপতি,দেওপানী,সুৱেনেশ্বৰী,বৰপথাৰ,শিলনীজান, গ্ৰীণবেলী, নিউ ৰংচালি,ৰংচালি, ভাগৱতী,ৰামানগৰ লাহৰিজান, বোকাজান,আৰু লেংৰী চাহ বাগিছাত ২৭৩৩ হিতাধিকাৰীৰ মুঠ ৬৮লাখ ৩২ হাজাৰ ৫০০টকা আবণ্টিত হয় ৷

কামৰুল খান,ডিফু