ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুক জিলাখনৰ ভিতৰতে এখন জাবৰমুক্ত পৰিষ্কাৰ চহৰ হিচাপে গঢ়ি তুলিবলৈ গ্ৰেটাৰ ডিফু বজাৰ কমিটীয়ে চহৰখনৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত ডাষ্টবিন বিতৰণ কৰে৷ 

আজি দুপৰীয়া গ্ৰেটাৰ ডিফু বজাৰ কমিটীৰ সভাপতি বিৰেণ ৰংপি, সাধাৰণ সম্পাদক এণ্ডাৰচন ৰংফাৰ, যুটীয়া সম্পাদক ৰিচাৰ্ড ইংতি আৰু বজাৰ কমিটীৰ বিভিন্ন বিষয়ববীয়াই চহৰৰ বিভিন্ন স্থানত সৰু-বৰ ৩১ টা প্লাষ্টিকৰ ডাষ্টবিন বিতৰণ কৰাৰ লগতে সভাপতি বিৰেণ ৰংপিয়ে ব্যৱসায়ীসকলক জমা হোৱা জাবৰ-জোঁথৰ ডাষ্টবিনত পেলাবলৈ আহ্বান জনায়৷ 

আনহাতে কোনো ব্যক্তিয়ে ডাষ্টবিন ব্যৱহাৰ নকৰি মুকলি ঠাইত জাবৰ- জোঁথৰ ৰাখিলে তেওঁলোকৰ ওপৰত আইনগত ভাৱে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে৷ 

আজি চহৰখনত মজলীয়া আকাৰৰ ২৫ টা ডাষ্টবিন আৰু মাছ বজাৰ, মুৰ্গী বজাৰত বৃহৎ আকাৰৰ আন ছয়টা ডাষ্টবিন বিতৰণ কৰি চহৰখনক প্ৰদূষণমুক্ত আৰু স্বচ্ছ চহৰ হিচাপে গঢ়ি তুলিবলৈ চহৰবাসীৰ সহযোগিতা কামনা কৰিছে লগতে চলিত মাহৰ ভিতৰতে ডাষ্টবিন বিতৰণ অভিযানৰ সামৰি লোৱা হ’ব বুলি সাংবাদিকৰ আগত জানিব দিছে সভাপতি বিৰেণ ৰংপিয়ে৷