
ডিফুঃ বিশ্ব শান্তি, সমন্বয় আৰু অসম তথা কাৰ্বি আংলঙত চিৰ শান্তি প্ৰতিষ্ঠাৰ বাবে সমূহীয়া দোৱাৰে শনিবাৰে নিশা ডিফু মছজিদ প্ৰাংগনত অনুষ্ঠিত কাৰ্বি আংলং জিলা ভিত্তিক ইজতিমাৰ সফল সামৰণি ঘটে৷ কামপুৰত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ ইজতিমাত কাৰ্বি জিলা ইছলামিক জামাতৰ অংশগ্ৰহণৰ বাবে বিশেষ প্ৰাৰ্থনাৰ বাবে কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰপৰা ইছলাম ধৰ্মালম্বীসকল ডিফু মছজিদত সমবেত হয়৷
কাৰ্বি আংলঙৰ উপৰিও ডিমাপুৰ, লংকা, হাফলং, নগাঁৱৰপৰা ইছলামিক জামাতসমূহে ইয়াত অংশগ্ৰহণ কৰে৷ মশুৱাৰা কালত জামাতৰ শীৰ্ষনেতাসকলে উপস্থিত ভক্তপ্ৰাণ সকলক হজৰত মহম্মদ (দ:)ৰ চুন্নতি পথ আৰু তেওঁৰ আদৰ্শেৰে এখন হিংসামুক্ত সমাজ আৰু সকলোৰে সৈতে ভাতৃত্ববোধ গঢ়ি তোলাৰ লগতে নিজ দেশ তথা মাতৃভূমিৰ প্ৰতি শ্ৰদ্ধা আৰু প্ৰেমভাৱ গঢ়ি তুলিবলৈ আহ্বান জনায়৷
আল্লাহৰ প্ৰকৃত সেৱক হিচাপে ইছলামৰ ওপৰত বাধ্যতামূলক কৰি দিয়া ৫ ওৱাক্ত নামাজ কায়ম কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷ আনহাতে ইছলামৰ দাৱাত প্ৰতিঘৰতে দিবলৈ আহ্বান জনায়৷ কাৰ্যক্ৰমণিকা অনুসৰি দুপৰীয়া জ’হৰৰ নামাজৰ পাছৰপৰাই ইজতিমাৰ কাৰ্যসূচী আৰম্ভহৈ ইশ্বাৰ নামাজৰ পাছত আখেৰী সমূহীয়া দোৱাৰে বিশ্ব শান্তি আৰু সমন্বয়ৰ বাবে নিৰাকাৰ আল্লাহৰ ওচৰত কাতৰ প্ৰাৰ্থনা কৰাৰ লগতে আত্মীয়-স্বজন, পূৰ্বপুৰুষ আৰু মুৰ্দা ব্যক্তি সকলৰ ৰূহৰ জান্নাত নচিবৰ বাবে মাগফেৰাৎ বিচাৰে৷ আনহাতে ইজতিমাৰ সমূহ কাৰ্যসূচী ৰূপায়ণত অভ্যৰ্থনা সমিতিয়ে স্বচ্ছ নিকা ভূমিকা পালন কৰি জামাতী সকলৰ আতিথ্য সেৱা কৰা পৰিলক্ষিত হয়৷