
ডিফুঃ কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবে গৌৰৱোজ্জ্বল দ্বিতীয় বৰ্ষত ভৰি দিছে৷ এই উপলক্ষে শুকুৰবাৰে কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবৰ উদ্যোগত লংলাকচ' (শিলনী)ৰ বনভোজ থলীৰ প্ৰাকৃতিক আৰু নৈসৰ্গিক পৰিৱেশৰ মাজত দ্বিতীয় প্ৰতিষ্ঠা দিৱসটো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়৷
জিলাখনৰ বিভিন্ন প্ৰান্তৰপৰা অহা সাংবাদিকসকল শিলনীৰ বনভোজ থলীত সমৱেত হৈ প্ৰতিষ্ঠা দিৱসটো সুৰীয়া গীত-মাত আৰু ৰসাল মত বিনিময়েৰে সজীৱ কৰি তোলে৷ ইয়াৰ পূৰ্বে জিলা প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে সভাপতি কিৰি ৰংহাঙে৷
সাধাৰণ সম্পাদক ডেনিয়েল চন বে'ই অংশগ্ৰহণ কৰা প্ৰেছ ক্লাবৰ সদস্যসকলক উদ্দেশ্যি বৰ্ষপূৰ্তিৰ তাৎপৰ্য বাখ্যা কৰে৷ জিলা প্ৰেছ ক্লাবৰ বৰ্ষপূৰ্তি অনুষ্ঠানত সকলোৱে মিলি প্ৰীতি ভোজত অংশগ্ৰহণ কৰে৷
জিলা প্ৰেছ ক্লাবৰ জ্যেষ্ঠ সাংবাদিকসকলৰ অংশগ্ৰহণে নবীন সাংবাদিকসকলক উৎসাহ আৰু প্ৰেৰণা যোগায়৷ সদৌ শেষত জিলা প্ৰেছ ক্লাবৰ সদস্যসকলৰ মাজত জিলা প্ৰেছ ক্লাবৰ পৰিচয়-পত্ৰ প্ৰদান কৰা হয়, ইয়াৰোপৰি বৰ্ষপূৰ্তি অনুষ্ঠানৰ পৱিত্ৰ ক্ষণতে জিলা প্ৰেছ ক্লাবে ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভতো বিষদভাৱে আলোচনা কৰে৷