• অধ্যক্ষ ডা: নিৰব কুমাৰ শৰ্মাৰ অপসাৰণৰ দাবীত সংবাদ মেল 

ডিফঃ ডিফুৰ একমাত্ৰ চৰকাৰী মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন বিনা কাৰণত বিলম্বকৰণৰ বাবে কাৰবি ছাত্ৰ সন্থা, ইউকেৱাইএ,এছৱাইচি, কেৱাইডিঅ' ডিফু চৰকাৰী মহাবিদ্যালয় ছাত্ৰই আজি  বিয়লি ডিফুস্থিত কাৰবি আংলং জিলা প্ৰেছ ক্লাবত এক সংবাদ মেলৰ আয়োজন কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ ডা: নিৰব কুমাৰ শৰ্মাৰ অপসাৰণ দাবী কৰে ৷ 

সংগঠন সমূহৰ নেতৃবৰ্গই অভিযোগ কৰা অনুসৰি অধ্যক্ষ ডা: নিৰব কুমাৰ শৰ্মাই বিগত বৰ্ষৰ ছেপ্তম্বৰ মাহত অনুষ্ঠিত হবলগীয়া ছাত্ৰ একতা সভাৰ নিৰ্বাচনটো বিনা কাৰণত পিছুৱাই লৈ গৈ আছে ৷ এই সন্দৰ্ভত কাৰবি পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্যৰ সংগঠন সমুহৰ তৰফৰ পৰা স্মাৰক পত্ৰ দিয়া হৈছিল যদিও ই কাৰ্যকৰী নহল ৷ যোৱা ২৫ জানুৱাৰীত মহাবিদ্যালয়ৰ খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন  চলিত বৰ্ষৰ জানুৱাৰী ২৮ তাৰিখৰ পৰা ৬ ফেব্ৰুৱাৰীৰ ভিতৰত সমাপন কৰিবলৈ অধিসূচনা জাৰী কৰিছে বুলি কেএছএৰ সভাপতি চিমিয়ণ ৰংফাৰে জানিবলৈ দিছে ৷  

সংগঠন সমূহে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি শৈক্ষিক বৰ্ষৰ ৪ সপ্তাহৰ ভিতৰত মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব লাগে যদিও অধ্যক্ষ জনে অজ্ঞাত কাৰণবশঃ নিৰ্বাচনতো পিছুৱাই নিছে ৷ জানুৱাৰীৰ শেষৰ ফালে পুৰণা কোৰ্চৰ আৰু ফেব্ৰুৱাৰীত চিবিচিএছৰ পৰীক্ষা তেনে ক্ষেত্ৰত ছাত্ৰ উপস্থিতি মহাবিদ্যালয় খনত নগণ্য হব আৰু একেটা বৰ্ষতে দুটাকৈ নিৰ্বাচন সম্ভৱ পৰা নহয় বুলি মন্তব্য কৰে ৷ 

সংগঠন কেইটাই জানিব দিয়া অনুসৰি অধ্যক্ষ ডা: নিৰব কুমাৰ শৰ্মাৰ ওপৰত ছাত্ৰ একতাৰ নিৰ্বাচনক লৈ লিংড' তদন্ত আয়োগ বহোৱা হৈছে ৷ লিংড' তদন্ত আয়োগৰ ভয়তে অধ্যক্ষজনে তাৎক্ষণিক ভাবে ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যতৰ কথা চিন্তা নকৰি এই তাৰিখ নিৰ্ধাৰণ কৰিছে বুলি অভিযোগ কৰিছে ৷ সেয়ে কেএছএই  অতি শীঘ্ৰে সংশ্লিষ্ট বিভাগক অধ্যক্ষ ডা: নিৰব কুমাৰ শৰ্মাক উপযুক্ত আইনমতে শাস্তি বিহি  নিলম্বন কৰিব লাগে বুলি দাবী জনায় ৷