
ডিফুঃ দুদিনীয়া কাৰ্যসূচীলৈ ডিফু আমোলাপট্টিৰ সৎ-সঙ্গ বিহাৰ শ্ৰীশ্ৰী অনুকুল ঠাকুৰৰ জন্ম জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত যুগ পুৰুষোত্তম পৰম প্ৰেমময় শ্ৰীশ্ৰী অনুকুল ঠাকুৰৰ ১৩১ সংখ্যক জন্ম জয়ন্তী মহোৎসৱটি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়৷
কাৰ্যক্ৰমণিকা অনুসৰি ২ ফেব্ৰুৱাৰীত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ ৩ ফেব্ৰুৱাৰীত একাদিক্ৰমে, প্ৰাত:কালত মাংগলিক ও নহবত, ঊষা কীৰ্তন৷
পুৱা ১০-৩০ বজাত শ্ৰীশ্ৰী অনুকুল ঠাকুৰৰ ভক্ত সকলকলৈ বৰ্ণিল শোভাযাত্ৰা, মাতৃ সন্মিলন, বিয়লি ৩ বজাত ধৰ্ম আলোচনা সভা, সন্ধিয়া প্ৰণাম আৰু ধৰ্ম গ্ৰন্থাদি পাঠ, নিশাৰ ভাগত শ্ৰী শ্ৰী অনুকুল ঠাকুৰজীৰ বিবিধ সংস্কৃতিক অনুষ্ঠিত হয়৷ মহোৎসৱৰ পৱিত্ৰ ক্ষণতে সৎসঙ্গ বিহাৰ ডিফুৰ আমোলাপট্টিত কাৰবি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰপৰা অহা অনগামী আৰু ভক্তপ্ৰাণ সকলে শ্ৰীশ্ৰী অনুকুল ঠাকুৰৰ দীক্ষা গ্ৰহণ কৰে৷