♦ পদ্মশ্ৰী ৰংবং তেৰাঙ আৰু সাংবাদিক পেঞ্চনাৰ নগেন বৰাসহ ১৬ গৰাকী বিশিষ্ট ব্যক্তিলৈ সম্বৰ্ধনা 

ডিফুঃ  কাৰ্বি আংলং জিলা মহিলা সমিতিৰ গৌৰৱোজ্জল সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি যোৱা ৭, ৮, ৯, আৰু ১০ মাৰ্চলৈকে বৰ্ণাঢ্য কাৰ্যসূচীৰে সফল সামৰণি ঘটে৷ এই উপলক্ষে অন্তিম দিনা পুৱাৰ ভাগত ডিফু চহৰৰ মাজেৰে উদ্যোক্তাসকলে বৰ্ণিল সাংস্কৃতিক শোভা যাত্ৰা বাহিৰ কৰে৷

বিয়লি ঐতিহ্যপূৰ্ণ ডিফু ক্লাবত কিৰণ কলিতাৰ পৌৰুহিত্যত এখনি মুকলি সভা অনুষ্ঠিত হয় ৷ মুকলি সভাখন উদ্ধোধন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন টেৰণে৷

সভাত বিভিন্ন অতিথি ৰূপে আসন অলংকৃত কৰে ক্ৰমে, অসম প্ৰাদেশিক মহিলা সমিতিৰ উপ-সভানেত্ৰী উৰ্মিলা চক্ৰৱৰ্তী, কাৰ্যবাহী সদস্য ৰতন টেৰণ, কস্তুৰবা ট্ৰাষ্টৰ অৱসৰ প্ৰাপ্ত প্ৰতিনিধি কুসুম বৰা মোকাশী, কাৰ্বি আংলং জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সাৱিত্ৰী গগৈ আৰু বিভিন্ন গণ্যমান্য ব্যক্তি আৰু সাহিত্যৰ সাধকসকল৷

সভাত বিশিষ্ট বক্তাসকলে নাৰী শক্তি, উন্নয়ণ আৰু নাৰী স্বাৱলম্বী কৰণৰ লগতে বৰ্তমান সমাজ গঠন প্ৰক্ৰিয়াত নাৰীৰ ভুমিকা সন্দৰ্ভত গঠনমূলক বক্তৃতা আগবঢ়ায়৷ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত জিলা মহিলা সমিতিৰ তৰফৰপৰা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙ, কাৰ্বি আংলঙ সংবাদ জগতৰ বাটকটীয়া, সাংবাদিক পেঞ্চনাৰ নগেন বৰা, লুণচে তিমুঙ, নজেন্দ্ৰ নুনিচা, পখিলা ইংতিপী, প্ৰাণকুমাৰ দত্তকে প্ৰমুখ্য কৰি ১৬ গৰাকী বিশিষ্ট ব্যক্তিক তেওঁলোকৰ সমাজত সাহিত্য, ৰাজনৈতিক, সাংস্কৃতিক আৰু বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে একোটাকৈ চেলেং, ফুলাম গামোছা আৰু প্ৰশস্তি পত্ৰৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে৷

 

ইয়াৰোপৰি কাৰ্বি লামেট আমেইৰ সভাপতি সুৰেণ ক্ৰামছাই জিলা মহিলা সমিতিৰ এখনি স্মৰণিকা 'কুন্তিৰী’ উন্মোচন কৰে৷ সন্ধিয়া মেবেল তেৰাংপী আৰু জিতেমাই বে’পী সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হয়৷