♦ বিভিন্ন কাম- কাজৰ বুজ ললে উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই

ডিফুঃ পূব কাৰ্বি আংলং জিলাৰ নৱ-নিযুক্ত উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই বুধবাৰে বোকাজান মহকুমা পৰিদৰ্শন কৰি বিভিন্ন উন্নয়ণমূলক কামৰ অগ্ৰগতিৰ বুজ লয়৷
প্ৰাপ্ত তথ্য অনুসৰি উপায়ুক্তগৰাকীয়ে বোকাজান মহকুমাধিপতিৰ নিৰ্মিয়মান কাৰ্যালয় আৰু বোকাজানৰ শিলনীজানত থকা আৱৰ্ত ভৱনৰ কামৰ অগ্ৰগতিৰ বুজ লয়৷
৯৯৯০ চনৰপৰা কাৰ্যালয়ৰ কাম ৰাষ্ট্ৰীয় ঘাইপথৰ কাম-কাজ গোলাঘাট সংমণ্ডলৰ কাৰ্যালয়ৰপৰা চলি আছে। উপায়ুক্তগৰাকীয়ে নিজা কাৰ্যালয়ৰপৰা এই কাম-কাজ চলোৱাৰ চিন্তা-চৰ্চা কৰিছে বুলি জানিব পৰা গৈছে৷
ইয়াৰোপৰি উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই বোকাজান নগৰ সমিতিৰ এন আৰ চিৰ সেৱাকেন্দ্ৰৰ এল আৰ চি আৰ আৰু বোকাজান মহকুমাধিপতিৰ সৈতে এন আৰ চিৰ কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে বোকাজান মহকুমাধিপতিৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ সৈতেও আলোচনাত মিলিত হয়৷
শেষত উপায়ুক্তগৰাকীয়ে বোকাজান চি চি আইৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ ডিলাইৰ খনন এলেকাৰ চি চি আইৰ অধীনত চলি থকা চি এছ আৰৰ কামৰ ক্ষেত্ৰত আলোচনা কালত বিশেষ গুৰুত্ব আৰোপ কৰে৷