নাৰী প্ৰকৃতিৰ অংশ আৰু প্ৰকৃতিৰে নিবিড় হৈ থকা সত্তা

ডিফুঃ কাৰ্বি আংলং জিলা মহিলা সমিতিয়ে ইয়াৰ গৌৰৱোজ্জ্বল পঞ্চাছ বছৰ অতিক্ৰমী সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰি আছে৷
যোৱা ৭, ৮, ৯ আৰু ১০ মাৰ্চৰপৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফুস্থিত কাৰ্বি আংলং জিলা মহিলা সমিতিৰ মুখ্য কাৰ্যালয় উদযাপিত হৈ থকা সোণালী জয়ন্তী বৰ্ষৰ শনিবাৰে তৃতীয় দিন ৷
আজিৰ কাৰ্য ক্ৰমণিকা অনুসৰি পুৱা ১১ বজাৰপৰা অসম বিশ্ব বিদ্যালয় ডিফু চৌহদৰ সঞ্চালিকা ইবেমছা চানৰ পৌৰুহিত্যত "বৰ্তমান সমাজত নাৰীৰ উন্নতিকৰণ" বিষয় বস্তু হিচাপে লৈ এক আলেচনা-চক্ৰ অনুষ্ঠিত হৈ যায়৷
আলোচনা-চক্ৰত উপস্থিত থাকে ক্ৰমে অসম বিশ্ব বিদ্যালয় ডিফু চৌহদৰ সঞ্চালিকা ইবেমছা চানু, অসমীয়া বিশ্ব বিদ্যালয় ডিফু চৌহদৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ কুসুম্বৰ বৰুৱা, ৰেণু তেৰাংপী মেম'ৰিয়েল কলেজ অধ্যক্ষা ডঃ অজন্ত চুতিয়া, গুৱাহাটীৰ বিশিষ্ট লেখিকা, সাংবাদিক সুপৰ্ণা লাহিড়ী বৰুৱা আৰু অধিবক্তা ললিতা ৰেংমা আৰু চুইজাৰলেণ্ড এম বি চিৰ চি ই অ' ডঃ মাৰিঅ' কাৰাটল' আৰু বিভিন্ন আঞ্চলিকৰ সদস্যাসকল৷
সভাত বক্তাসকলে বৰ্তমান 'সমাজত নাৰীৰ উন্নতিকৰণ', নাৰী শক্তি আৰু নাৰী সাৱলীকৰণৰ সন্দৰ্ভত বিস্তৃত বাখ্যা দাঙি ধৰে ৷ বিশেষকৈ বিশিষ্ট লেখিকা সাংবাদিক সুপৰ্ণা লাহিড়ী বৰুৱাই ইতিহাসৰ লগত যুক্ত হৈ থকা নাৰীৰ অনবৈদ্য অৱদান, বেদৰ শ্লোক ৰচনাৰপৰা আৰম্ভ কৰি অসমত নাৰী হিচাপে আইতাকৰ অশেষ প্ৰচেষ্টাত অসমে শংকৰদেৱৰ দৰে এগৰাকী জগত গুৰু পালে, মুলা গাভৰু, জয়মতীৰ দৰে বিদুষী বিৰাংগণা মহিলাই বুৰঞ্জীত নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰাই থৈছে বুলি কয়৷
১৯৭৫ চনৰপৰাই নাৰীৰ উন্নতিকৰণ ৰাজনৈতিক ইছ্যু হৈ পৰিছে৷ নাৰীক লৈ বিভিন্ন জল্পনা- কল্পনা ৷ নাৰীয়ে সমাজ গঠন প্ৰক্ৰিয়া আৰু মানুহ গঢ়াত আদৰ্শ হ'ব লাগে ৷ বৰ্তমান নাৰীসকলক পুঁজীবাদ আৰু বহুজাতিক কোম্পানীয়ে গ্ৰাস কৰাত নিজ আদৰ্শৰপৰা বিচলিত হৈছে৷
নাৰীৰ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে মেলি দিয়া কছমেটিৰছৰ বজাৰখনৰ প্ৰতি বেছি আকৰ্ষিত হৈ আহিছে ,সেয়ে নিজকে পণ্য সামগ্ৰীৰ চাহিদাৰ প্ৰতিহে অধিক আকৰ্ষিত কৰাই সমাজৰ প্ৰতি কৰিবলগীয়া দায়িত্ব পাহৰি গৈছে৷ নাৰীসকল প্ৰকৃতিৰ অংশ আৰু প্ৰকৃতিৰে নিবিড় হৈ থকা এক সত্তা৷ নাৰী সকলে নিজৰ প্ৰকৃত দায়িত্ব বুজি পালেহে বৰ্তমান সমাজত নাৰীৰ উন্নতিকৰণ সম্ভৱ হ'ব বুলি কয়৷
আনহাতে অধিবক্তা ললিতা ৰেংমাই আইনত অপৰাধজনিত বিষয়, নাৰী সুৰক্ষাৰ ওপৰত আইন সংগত ব্যৱস্থাৱলীৰ মূল্যবান বক্তব্য দাঙি ধৰি সাধাৰণ অপৰাধ সমূহ ক্ৰমে, ঘৰুৱা হিংসা, ধৰ্ষণ, ডাইনী যৌন হাৰাশাস্তিৰ প্ৰকোপ, অপহৰণ আৰু মানৱ সৰবৰাহ আৰু বাল্য বিবাহৰ বাবে ল'বলগীয়া আইনী ব্যৱস্থাৰ দিশসমূহ উনুকিয়াই দিয়ে৷
উল্লেখযোগ্য যে কাইলৈ দেওবাৰে সোণালী জয়ন্তী বৰ্ষৰ সামৰণি পৰিব ৷ এই উপলক্ষে পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰাৰপৰা আৰম্ভ কৰি উদ্যোক্তাসকলে দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে বুলি জানিব পৰা গৈছে৷