
ডিফুঃ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত তিনিজনকৈ অজনজাতি লোকক মনোনিত সদস্য হিচাপে নিযুক্তি দিয়াক কেন্দ্ৰ কৰি গৰজি উঠিছে কাৰ্বি আংলঙৰ ২৪ টাতকৈও অধিক সংগঠনে ৷
আজি ডিফুস্থিত জিলা প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰি সংগঠনসমূহৰ শীৰ্ষ নেতৃবৰ্গই ৰাজ্য চৰকাৰ আৰু কাৰ্বি পৰিষদৰ এনে সংবিধান বিৰোধী কাৰ্যৰ বাবে আচাৰ্য প্ৰকাশ কৰিছে ৷
সংগঠনসমূহৰ উপদেষ্টা অৱসৰপ্ৰাপ্ত জে আই কাথাৰে সংবাদ মাধ্যমত প্ৰকাশ পোৱা কাৰ্বি পৰিষদত ৪ জনকৈ মনোনীত সদস্যৰ নিযুক্তিৰ ভিতৰত তিনিজনেই অজনজাতি প্ৰতিনিধি হোৱাক লৈ এই প্ৰক্ৰিয়াই ষষ্ঠ অনুসূচিত জাতিৰ ক্ষেত্ৰত সংবিধান উলংঘন কৰা বুলি কয় ৷
ইয়াৰ পৰিৱৰ্তে কাৰ্বি স্বায়ত্ত পৰিষদত প্ৰতিনিধিত্ব নকৰা জনজাতি ক্ৰমে, ৰেংমা নাগা, কুকি, শ্যাম (তাই), গাৰ' আৰু খাছী প্ৰতিনিধিক নিজৰ জাতিটোক প্ৰতিনিধিত্ব কৰাৰ বাবে মনোনীত সদস্য হিচাপে নিযুক্তি পোৱাৰহে প্ৰয়োজন আছিল, তাকে নকৰি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু তুলিৰাম ৰংহাঙ নেতৃত্বাধীন কাৰ্বি স্বায়ত্ত পৰিষদে ষষ্ঠ অনুসূচীত জাতিৰ বিৰুদ্ধে গৈ বি জে পি শাসনাধিস্থিত পৰিষদখনৰ পাছত মনোনিত সদস্য নিযুক্তি দিবলৈ সক্ষম হৈছে যদিও অজনজাতিৰ অজিত দে', চন্দ্ৰ বাহাদুৰ ছেত্ৰী আৰু বাবুৰাম কিচ'ক মনোনিত কৰি জনজাতিসকলৰ অধিকাৰৰপৰা বঞ্চিত কৰিছে ৷ আনহাতে শাসকীয় পক্ষই এনে কাৰ্যৰ জৰিয়তে কাৰ্বি আংলঙৰ বংগভূমি বনোৱা আৰু বংগ সেনাক উৎসাহিত কৰাহে হৈছে বুলি অভিযোগ কৰে ৷
মনোনীত সদস্য চাৰিজনৰ সীমা ৰংহাংপী কাৰ্বি জনজাতিৰ যদিও কাৰ্বি পৰিষদত পৰ্যাপ্ত কাৰ্বি প্ৰতিনিধি থকাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ যিকোনো যোগ্য জনজাতিৰ লোকক মনোনীত সদস্য বাছনি কৰিব লাগে বুলি সংগঠনসমূহে যুক্তি দৰ্শায় ৷
আনহাতে ৰাজ্য চৰকাৰ আৰু কাৰ্বি পৰিষদে শীঘ্ৰে তিনি অজনজাতিয় প্ৰাৰ্থীৰ নাম বাতিল নকৰিলে গণতান্ত্ৰিকভাৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে সংগঠনসমূহে ৷
আজিৰ সংবাদ মেলত ক্ৰমে ২৪+ সংগঠনৰ উপদেষ্টা জে আই কাথাৰ, আহ্বায়ক ৰাজেশ তিচ', কে আৰ আৰ এৰ সাধাৰণ সম্পাদক ৰূপেন হাঞ্চে ইউ কে এছ এৰ সভাপতি ৰতন তেৰাঙ আৰু আংতং ইংতি উপস্থিত আছিল ৷