ডিফুঃ বৃহস্পতিবাৰে পুৱা ডিফু চহৰত এটি কন্যা মৃত নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চহৰটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

প্ৰাপ্ত তথ্য অনুসৰি পুৱাৰ ভাগত ডিফু ডি আই চি কাৰ্যালয়ৰ কাষত থকা নৱনিৰ্মিত আৰ চি চি দলঙৰ তলৰ জাৱৰৰ দ’মৰ ওপৰত এটি নৱজাতকৰ মৃতদেহ স্থানীয় লোকে প্ৰত্যক্ষ কৰাৰ পাছতে ঘটনাস্থলীত অসংখ্য লোকৰ সমাৱেশ ঘটে৷

মৃত নৱজাতকটি কন্যা সন্তান আৰু মৃতদেহটো বগা কাপোৰেৰে মেৰিওৱাৰ লগতে নাড়ীত ক্লীপ লগোৱা আছিল৷ প্ৰত্যক্ষদৰ্শীৰ মতে কোনো অসৎ লোকে অবৈধ মাতৃত্বৰপৰা ৰক্ষা পৰিবলৈ নিশাৰ অন্ধকাৰত এইদৰে নিজৰ দেৱশিশুটিক ১০ মাহ ১০ দিন গৰ্ভত ৰখাৰ পাছতো জাৱৰৰ মাজত পেলাই থৈ যোৱাৰ ফলত নৱজাতকটিৰ মৃত্যু হৈছে বুলি মন্তব্য কৰিছে৷

যি সময়ত এটি সন্তানৰ বাবে একাংশ লোকে হাবথুৰি খাইছে তেনে সময়ত জীৱ শ্ৰেষ্ঠ মানৱ হৈও মানৱ সমাজক লজ্জানত কৰি এনে কাণ্ড সংঘটিত হোৱাত প্ৰত্যক্ষদৰ্শীয়ে এনে কু-কৰ্মক ধিক্কাৰ দিছে৷

ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ লগে লগে ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰাজ ইংতিয়ে ঘটনাস্থলীৰপৰা নৱজাতকৰ মৃতদেহটি উদ্ধাৰ কৰি ডিফু থানাত ২/১৯ নম্বৰত এক ইউ ডি গোচৰ ৰুজু কৰি মৰণোত্তৰৰ বাবে ডিফু অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জনাইছে৷

উল্লেখযোগ্য যে, যোৱা বৰ্ষৰ ১ ফেব্ৰুৱাৰীত কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ ছৰছৰি বস্তিত নগৰ সমিতিৰ পেলনীয়া জাৱৰৰ মাজতে তিনিটিকৈ পানী কেঁচুৱা একেলগে পুৰি ছাই হোৱাৰ দৰে হৃদয় বিদাৰক ঘটনা মাৰ নাযাওঁতেই পুনৰ চহৰখনত সভ্য সমাজক লজ্জানত কৰি সংঘটিত হ’ল এনে ঘটনা৷