সদৌ অসম নাৰ্চ সন্থাৰ অনিৰ্দিষ্টকালীন কৰ্ম বিৰতি
আৰক্ষীয়ে ৫০গৰাকী নাৰ্ছক আটক কৰি পিছত মুকলি কৰি দিয়ে 

ডিফুঃ সদৌ অসম নাৰ্চ সন্থাৰ ৯ দফীয়া দাবীক লৈ যোৱা ২৬ নৱেম্বৰৰ পৰা অব্যাহত ৰখা কৰ্মবিৰতিয়ে কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুতো ব্যাপক প্ৰভাৱ পৰিছে৷ প্ৰতিবাদকাৰী সকলে নিজৰ ন্যাৰ্য্যদাবী পূৰণৰ বাবে হাতে হাতে প্লে-কাৰ্ড ফেষ্টুন আদি লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে৷ 

সমগ্ৰ ৰাজ্যৰ লগতে কাৰবি আংলং জিলাৰ সদৰ ডিফুতো নাৰ্চ সকলৰ ধৰ্মঘটৰ আজি আছিল চতুৰ্থ দিন। আজি পুৱাৰে পৰা ধৰ্মঘটৰত নাৰ্চ সকলে এন এইছ এমৰ ২২ গৰাকী আৰু জি এন এমৰ ৫৫ গৰাকী ছাত্ৰীক ডিফু অসামৰিক চিকিৎসালয়ত প্ৰৱেশত বাধা দিয়ে। আনহাতে ডিফু চহৰত কোনো ব্যক্তিগত নাৰ্চিং হোম নথকাত জিলাখনৰ সকলো ৰোগীৰ একমাত্ৰ ভৰসা হৈছে ডিফু অসামৰিক চিকিৎসালয়। 

আজি নাৰ্চৰ ধৰ্মঘটৰ ফলত ডিফু অসামৰিক চিকিৎসালয় একপ্ৰকাৰ অচল হৈ পৰে৷ অৱশেষত দুপৰীয়া ধৰ্মঘটৰত নাৰ্চসকলক আৰক্ষীয়ে আটক কৰি নিয়াৰ পিছত প্ৰশিক্ষাৰ্থী জি এন এম আৰু এন এইচ এম সকলক লৈ চিকিৎসালয় চলায়। পিছত আটকাধীন নাৰ্চসকলক আৰক্ষীয়ে মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে ৷ 

ধৰ্মঘটৰত নাৰ্চ সকল আজি চৰকাৰৰ নীতিৰ বিৰুদ্ধে সৰব হৈ উঠা দেখা যায়৷ ডিফু অসামৰিক চিকিৎসালয়ৰ অধীক্ষক নকুল শ্যামে নাৰ্চসকলৰ ধৰ্মঘটৰ বাবে বহু অসুবিধা হোৱা বুলি কয়। একেদৰে ৰোগীৰ আত্মীয় সকলেও তেওঁলোকৰ অসুবিধা কথা ব্যাক্ত কৰে ৷ আনহাতে নাৰ্চ সন্থাৰ নেতৃবৰ্গই তেওঁলোকৰ দাবীৰ সমৰ্থনত আকোঁৰগোজহৈ থকাৰ লগতে কৰ্মবিৰতি চলি থকা কালত তেওঁলোকৰ খবৰ লবলৈ বিভাগীয় কৰ্তৃপক্ষৰ কোনো লোক বা কাৰবি স্বায়ত্ত পৰিষদৰ বিভাগীয় ইএম গৰাকী নহাকলৈ ক্ষোভ উজাৰে ৷ শেষত তেওঁলোকৰ দাবীক লৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্যবিভাগৰ মন্ত্ৰীলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷

ছাইদুল ইছলাম,ডিফু