বদৰপুৰৰপৰা ছাদিকুজ জামানঃ বৰাক উপত্যকাৰ ঐতিহ্যমণ্ডিত কৰিমগঞ্জ জিলাৰ উত্তৰ-পূব ভাৰতৰ এমাৰতে শ্বৰীয়াহ তথা নতুৱাওতুত তামীৰৰ ৫৪ সংখ্যক বাৰ্ষিক সন্মিলন আৰু বদৰপুৰ আল জামিয়াতুল আৰাবিয়াতুল ইছলামীয় মাদ্ৰাছাৰ ৬৭ সংখ্যক বখাৰী খতম দেওবাৰে উখল-মাখল পৰিৱেশৰ মাজেৰে প্ৰথম দিনাৰ কাৰ্যসূচী সফল বাবে ৰূপায়ন হয়।

কেইবা লক্ষাধিক ধৰ্মপ্ৰাণ লোকে লোকাৰণ্য হৈ পৰা ধৰ্মীয় অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন জিলাৰ দূৰ দূৰণিৰ ধৰ্মপ্ৰাণ ৰাইজৰ সমাৱেশ হোৱা পৰিলক্ষিত হয়। সোমবাৰে শেষ মোনাজাতেৰে অন্ত পৰিব সন্মিলন। মাদ্ৰাছাৰ চৌহদত আটক ধুনীয়া মণ্ডপত বহাৰ আসন শুৱনি কৰিছে ধৰ্মপ্ৰাণ ৰাইজে।

দিনটোৰ প্ৰথম কাৰ্যসূচী বিভিন্ন ধৰ্ম অনুষ্ঠানৰ ছাত্ৰই গীত, মাত, কিৰাত, কবিতা, ছুৰা পাঠ আৰু প্ৰৰ্দশনী কৰে। এই অনুষ্ঠানৰ পাছতে উওৰ-পূব এমাৰতে শ্বৰীয়ত নদওয়াতুত তামিৰৰ পতাকা উত্তোলন কৰে বাংলাদেশৰ ইছলামিক চিন্তাবিদ মৌলানা নাচিৰ উদ্দিনয়ে। 

মাদ্ৰাছাৰ পতাকা উত্তোলন কৰে বাংলাদেশৰ অন্যতম শ্বেখুল হাদিছ আবুল কালাম জাকাৰীয়াই। মূল মুকলি আলোচনা সভাৰ আঁত ধৰে ইছলামিক পণ্ডিত তথা চিন্তাবিদ নাইবে আমিৰে শ্বৰীয়ত মৌলানা বদৰুল হকে। প্ৰায় ৯০ জন বিজয়ী ছাত্ৰক প্ৰথম দিনাৰ দ্বিতীয় অধিৱেশনত বিয়লিয়ৰ ভাগৰ কাৰ্যসূচীত পুৰস্কাৰ বিতৰণ কৰা হয়। নাইবে আমিৰে শ্বৰীয়ত বদৰুল ইছলামে উদ্বোধনী ভাষণত ছবাহী মক্তৱৰ গুৰুত্বৰ ওপৰত ভাষণ আগবঢ়াই সমগ্ৰ ভাৰততে সংঘটনটিয়ে ইছলাম ধৰ্মাৱলম্বী লোকৰ ধৰ্মৰ প্ৰতি কৰা কাম কাজৰ ওপৰত বিবৰি কয়। 

লগতে প্ৰাক্তন বিধায়ক তথা স্থানীয় ইছলামিক চিন্তাবিদ আতাউৰ ৰহমান মাজাৰভূঞা উপস্থিত থাকি ভাষণ আগবঢ়ায়। মুকলি সভাত বিশেষ আকৰ্ষণ হিচাপে উওৰ-পূব আমিৰে শ্বৰীয়ত আল্লামা তৈয়বুৰ ৰহমান বৰভূঞা, মুখ্য অতিথিৰূপে পশ্চিমবংগৰ ইছলামিক পণ্ডিত মৌলানা নাসিৰ উদ্দিন, বাংলাদেশৰপৰা অহা বিশিষ্ট ইছলামিক চিন্তাবিদ তথা পণ্ডিত ক্ৰমে আবুল কালাম জাকাৰিয়া, হজৰত মৌলানা জুবেইৰ আহমেদ আনচাৰী, বিশিষ্ট ইছলামিক পণ্ডিত নৈয়ম উদ্দিনসহ বিশিষ্ট ইছলামিক চিন্তাবিদ কেইবাজন উপস্থিত থাকি আলোচনা আগবঢ়ায়। বদৰপুৰ চহৰত অস্থায়ী বিপণী বহে যত বহু লোকৰ ভিৰ হোৱা পৰিলক্ষিত হয়। কণ কণ শিশুৰপৰা আৰম্ভ কৰি বৃদ্ধা লৈ সকলো স্তৰৰ লোকৰ পাৰ ভঙা উচাহ দেখিবলৈ পোৱা যায়। উল্লেখিত যে কেইবাখনো ইছলামিক গ্ৰন্থয়ো এই মঞ্চত উন্মোচন কৰা হয়।