ডিফুঃ দৈনিক বৃদ্ধি পাই অহা পথ দুৰ্ঘটনাৰ হাৰ হ্ৰাস কৰাৰ বাবে জিলা পৰিবহন বিভাগে ২৬, ২৮ আৰু ২৯ মাৰ্চত তিনিদিনীয়া কাৰ্যসূচীৰে মঙলবাৰে ডিফুৰ কাৰেং কাউণ্টাৰ চৌহদত পথ সুৰক্ষাৰ ওপৰত সংসত শিক্ষা সজাগতা অভিযানৰ শুভাৰম্ভণি কৰে৷

কাৰ্বি আংলং জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জিয়ে পৌৰহিত্য কৰা সজাগতা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে এনফৰ্চমেণ্ট বিষয়া অংশুমান বিশ্বাসে৷ মুখ্য অতিথি তথা জিলা পৰিবহন বিষয়া তথা সভাৰ সভাপতি দিব্যজ্যোতি কাৰ্জিয়ে ভাষণ প্ৰসংগত সকলো মটৰ চালকক উদ্দেশ্যি জিলাখন দুৰ্ঘটনামুক্ত জিলালৈ পৰিণত কৰাৰ বাবে হেলমেট, ছীট বেল্ট আদি ব্যৱহাৰ কৰি গাড়ী চলোৱাৰ লগতে মদ্যপান নকৰাকৈ নিৰাপদ গাড়ী চলোৱা আৰু ব্যক্তিগত তথা বাণিজ্যিক বাহনসমূহৰ যাৱতীয় নথি-পত্ৰ শুদ্ধভাৱে ৰাখিবলৈ আহ্বান জনায়৷

আনহাতে এমভিআই হৰমোহন শইকীয়াই কয় যে, চালকসকলৰ মাজত সজাগতা নাথাকিলে পথ সুৰক্ষাৰ নিয়ম উলংঘন কৰাৰ পাছত বিভাগীয় জৰিমনা বিহেলেও পথ দুৰ্ঘটনা ৰোধ কৰিব নোৱাৰি৷ ইয়াৰোপৰি বিষয়াগৰাকীয়ে পথ সুৰক্ষাৰ বাবে যান-বাহনৰ নিয়ম-নীতি সন্দৰ্ভত বিস্তৃত বাখ্যা আগবঢ়ায়৷

ইফালে সভাৰ আমন্ত্ৰিত অতিথি কাৰ্বি আংলং মটৰ-শ্ৰমিক আৰু চালক সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায় আৰু অট’ ৰিক্সা এছ’চিয়ছনৰ প্ৰতিষ্ঠাক কাৰ্যালয় সম্পাদক গোপাল ছেত্ৰীয়ে পথ সুৰক্ষাৰ সন্দৰ্ভত বহুমূলীয়া বক্তব্য আগবঢ়ায়৷

কৃষ্ণ ভট্টৰায়ে তেল ডিপ'সমূহত হেলমেটবিহীন চালকক তেল দিয়া বন্ধ কৰিবলৈ আহ্বান জনায়৷ লগতে কৃষ্ণ ভট্টৰায়ে চালকসকলে নিজকে ৰক্ষা কৰাৰ লগতে গাড়ীৰ গতি হ্ৰাস কৰি আনৰ জীৱন ৰক্ষা কৰিবলৈকো অনুৰোধ জনায়৷