ডিফুঃ কেন্দ্ৰীয় চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক- ২০১৬ বাতিলৰ দাবীত প্ৰতিৰোধ সমাৱেশত অংশগ্ৰহণ কৰিবলৈ সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৬০ টা জাতীয় সংগঠনৰ গুৱাহাটীলৈ 'সংকল্প যাত্ৰা'ৰ প্ৰতি সহাঁৰি জনাই আজি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুৰপৰাও কে এছ এ, ডি এছ ইউ, কে এন এ, আৰ এন এছ ইউ আৰু এন এছ এমৰ উদ্যোগত প্ৰায় শতাধিক মটৰচাইকেল প্ৰতিবাদকাৰীয়ে ডিফু চহৰৰপৰা গুৱাহাটীলৈ বুলি সংকল্প যাত্ৰা উলিয়ায় ৷

প্ৰতিবাদকাৰীসকলে হাতে হাতে নিজ নিজ সংগঠনৰ পতাকা, প্লে কাৰ্ড আদি লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, আমাৰ দাবী মানিবই লাগিব আদি চৰকাৰ বিৰোধী ধ্বনিৰে ডিফুৰ আকাশ-বতাহ কঁপাই তোলে ৷

আনহাতে সংকল্প যাত্ৰাৰ প্ৰতি ৰাজ্যৰ গৃহ বিভাগৰপৰা অনুমতি নোপোৱাৰ পৰিপ্ৰেক্ষিতত আৰক্ষী প্ৰশাসনে প্ৰতিবাদকাৰীসকলক গুৱাহাটী যাত্ৰাত বাধা আৰোপ কৰা পৰিলক্ষিত হৈছে ৷ ডিফুৰ প্ৰতিবাদকাৰীসকল মাঞ্জালৈ যাত্ৰা কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে, বকলিয়া, বোকাজান, গোলাঘাট আদিৰপৰা ডিফুলৈ অহা প্ৰতিবাদকীৰী সকল নিজ ঠাইলৈ উভতি যাবলৈ বাধ্য হয়  যদিও সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷

ইফালে আজি সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰা অ জা যু ছা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পলাশ চাংমাইয়ে সাংবাদিক আগত কয় যে অসমীয়া জাতীয় জীৱনৰ প্ৰতি ভাবুকি স্বৰূপ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ই জাতীয় জীৱনক পংগু কৰিব৷ বি জে পি আৰু আৰ এছ এছৰ সন্মিলিত ষড়যন্ত্ৰৰ বিৰোধিতা কৰিবলৈ পাহাৰ -ভৈয়ামৰ জনসাধাৰণৰ সমবেত হৈছে ৷ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰিবলৈ

হিন্দু বাংলাদেশীসকলক অসমত সংস্থাপিত কৰাৰ কুটিল ষড়যন্ত্ৰৰে কেৱল এটা বিশেষ ধৰ্মক বাদ দি বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰপৰা ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱাৰ দোহাই দি ভাৰতত প্ৰৱেশ কৰা হিন্দু, জৈন আৰু খ্ৰীষ্টানসকলক ভাৰতীয় নাগৰিকত্ব দিবলৈ লোৱা ৰাজনৈতিক অভিসন্ধিৰ কথা ৰাইজে উপলব্ধি কৰিব পাৰিছে ৷ চৰকাৰে জনসাধাৰণ আৰু দল-সংগঠনৰ কথা নুশুনি গণতান্ত্ৰিক আন্দোলনক মষিমুৰ কৰিব বিচাৰিছে ৷ সৰ্বানন্দ সোণোৱালে অসমীয়াৰ আবেগৰ প্ৰতি কাণসাৰ দিয়া নাই। সেয়ে অতি শীঘ্ৰে চৰকাৰখনো গণ বিচ্ছিন্ন হৈ পৰিব ৷

কে এছ এৰ সভাপতি ছিমিয়ণ ৰংফাৰে কয় যে পাহাৰলৈ 'অচ্ছে দিন' আনিব নোৱাৰা চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিধেয়ক গৃহিত কৰিলে  বিজেপিৰো 'অচ্ছে দিন' গুছি যাব ৷

আনহাতে কে এছ এ ইংলংফ গোটৰ সভাপতি বিজয় বে'ই কয় যে জাতি-মাটি আৰু ভেটি সুৰক্ষাৰ প্ৰতিশ্ৰুতি দি গাদী দখল কৰা চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক গণতান্ত্ৰিকভাৱে বিৰোধিতা কৰিবলৈ ওলোৱা দল-সংগঠনৰ যাত্ৰাক বাধা আৰোপ কৰা কাৰ্যই চৰকাৰ যে ভীতিগ্ৰস্ত হৈছে তাকেই প্ৰমাণ কৰিছে বুলি মন্তব্য কৰে৷