♦ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰে জীপাল হ’ল উদযাপনস্থলী
♦ তিনিখনকৈ গ্ৰন্থ উন্মোচন

ডিফুঃ দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ঐতিহ্যমণ্ডিত হাওৰাঘাট বেল’গুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শনিবাৰে সফল সামৰণি পৰে।
কালি পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা উদযাপন সমিতিৰ সভাপতি খনছিং ৰংপিয়ে। পৰৱৰ্তী কাৰ্যসূচীমৰ্মে বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি সম্বলিত এখনি বৰ্ণিল শোভাযাত্ৰা বাহিৰ কৰা হয়।
দিনত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ এক মনোজ্ঞ আলোচনা অনুষ্ঠিত হোৱাৰ লগতে বিয়লি ডিফু শিক্ষন মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ ভোগেশ্বৰী গোহাঁইৰ সঞ্চালনাত 'সমগ্ৰ শিক্ষা অভিযান আঁচনিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ জীৱন গঢ়াত শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু সমাজৰ দায়বদ্ধতা’ শীৰ্ষক এক গাম্ভীৰ্যপূৰ্ণ আলোচনা-চক্ৰ অনুষ্ঠিত হয়।
এই আলোচনা চক্ৰত বিষয়বস্তুৰ ওপৰত বিতং আলোকপাত কৰে ডকমকা থংনকবে মহাবিদ্যালয়ৰ অধ্যাপক ভবেন কোচে। ইপিনে দ্বিতীয় দিনা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা উদযাপন সমিতিৰ সভাপতি খনছিং ৰংপিৰ পৌৰহিত্যত অনুষ্ঠিত হয় সোণালী জয়ন্তীৰ মুকলি সভা।
বিদ্যালয়খনৰ প্ৰাক্তন উপাধ্যক্ষ তথা আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি বীৰেন বৰাই আঁত ধৰা এই মুকলি সভাত মুখ্য অতিথি আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু হাওৰাঘাট বিধান সভা সমষ্টিৰ বিধায়ক জয়ৰাম ইংলেং।
আনহাতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন। বিভিন্ন বিদ্যালয় আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ মুৰব্বী আৰু জ্যেষ্ঠ নাগৰিকসকলে বিশিষ্ট অতিথিৰ আসন শুৱনি কৰা এই সভাত তৰুণ বৰাৰ সম্পাদনাত প্ৰকাশিত সোণালী জয়ন্তীৰ স্মৃতিগ্ৰন্থ, বেল'গুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুখপত্ৰ "জ্ঞানদীপ" আৰু ৰিকি শইকীয়াৰ কাব্য সংকলন "স্মৃতিৰ এমুঠি জোনাক" উন্মোচন কৰা হয়।
মুখ্য অতিথিৰ আসনৰপৰা তুলিৰাম ৰংহাঙে সোণালী জয়ন্তী বৰ্ষ গৰকা বেল’গুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে কেইবাটাও অতি গুৰুত্বপূৰ্ণ আঁচনিৰ কথা ঘোষণা কৰে। ইপিনে অনুষ্ঠানৰ মাজে-মাজে প্ৰদৰ্শিত জনগোষ্ঠীয় নৃত্যসমূহে সকলোকে আপ্লুত কৰে।