♦ ৮ জানুৱাৰীত নিৰ্বাচন, ১০ জানুৱাৰীত ফলাফল ঘোষণা

ডিফুঃ বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত ঘোষণা কৰা হ'ল কাৰ্বি আংলং জিলাৰ ৯ খন নগৰ সমিতিৰ নিৰ্বাচনৰ দিন৷ পূব আৰু পশ্চিম কাৰ্বি আংলঙৰ ডিফু, বোকাজান, বকলিয়া, লাংহিন, ডকমকা, হাওৰাঘাট, ডংকামোকাম, হামৰেণ আৰু বৈঠালাংচ'ৰ বাবে অনুষ্ঠিত হবলগীয়া নগৰ সমূহৰ নিৰ্বাচনৰ দিন কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰপৰা ঘোষণা কৰা হৈছে৷

কাৰ্বি স্বায়ত্ত পৰিষদৰ এক অধিসূচনা যোগে এই জাননী জাৰি কৰাৰ পাছতে সংবাদ মাধ্যমত জানিব দিয়া অনুসৰি, ২০১৮ বৰ্ষৰ ১৭ ডিচেম্বৰত নিৰ্বাচনৰ সূচী প্ৰকাশ, ১৮ ডিচেম্বৰত সংশ্লিষ্ট নিৰ্বাচনী ৰিটাৰ্ণিং বিষয়াসকলৰদ্বাৰা নিৰ্বাচনৰ তাৰিখৰ জাননী দিয়া, ২৮ ডিচেম্বৰত মনোনয়ন-পত্ৰ পূৰণৰ শেষ তাৰিখ, ২৯ ডিচেম্বৰত মনোনয়ণ-পত্ৰ পৰীক্ষণ, ৩১ ডিচেম্বৰত মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ, প্ৰাৰ্থীসকলৰ প্ৰতীক-চিহ্ন প্ৰদান, প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ অন্তিম তাৰিখ৷

৮ জানুৱাৰীত নিৰ্বাচন, ৯ জানুৱাৰীত প্ৰয়োজন বশত পুনৰ নিৰ্বাচন আৰু ১০ জানুৱাৰীত ভোট গণনা আৰু ফলাফল ঘোষণা কৰা হ'ব৷