প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

নগাঁওঃ ৰাজ্যৰ শিক্ষাৰ মানদণ্ড অধিক উন্নত কৰাৰ অৰ্থে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে ইতিমধ্যে প্ৰস্তুত কৰি উলিওৱা শৈক্ষিক দিনপঞ্জী আৰু আৰ্হিৰ কৰ্মসূচী অনুসৰি উচ্চতৰ শাখাত পাঠদান কৰিবলৈ বিদ্যালয়ৰ অধ্যক্ষ সকললৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে৷

জানিব পৰা মতে, শিক্ষা সংসদৰ সচিবৰ দ্বাৰা যোৱা ১০ আগষ্টত স্বাক্ষৰিত এ এইছ এছ ই চি/ই এক্স বি/নটিফিকেছ’ন/২০১৬/২/৮১৫৫ নম্বৰৰ নিৰ্দেশনাটোত আনকি শৈক্ষিক দিনপঞ্জী আৰু দৈনিক কৰ্মসূচী অনুযায়ী যিবোৰ শিক্ষানুষ্ঠানে পাঠদান সম্পন্ন নকৰে, তেনেবোৰ বিদ্যালয়ৰ বিৰুদ্ধে শিক্ষা সংসদৰ অনুমতি আৰু স্বীকৃতি প্ৰদানৰ নিৰ্দেশ বাতিলৰ দৰে অনুশাসনমূলক ব্যৱস্থা গ্ৰহন কৰা হ’ব বুলি  শিক্ষা সংসদৰ সচিবৰ দ্বাৰা স্পষ্টকৈ সকীয়াই দিয়াহয়৷

তদুপৰি ৰাজ্যৰ উচ্চতৰ শাখাৰ কলা,বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমুখী শাখাৰ শৈক্ষিক দিশ পৰিচালনা কৰা শিক্ষা সংসদৰ উক্ত নিৰ্দেশনাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কণিষ্ঠ মহাবিদ্যালয় ২০০৪ বৰ্ষৰ সংশোধিত বিধিৰ উপৱিষ্ট অনুচ্ছেদ ৯(৷৷) আৰু ১০(৷৷৷) ৰ আধাৰত উচ্চতৰ শাখাৰ শিক্ষকসকলৰ উপস্থিতি নিশ্চিতকৰণৰ বাবে প্ৰত্যেকখন বিদ্যালয়ত সুকীয়াকৈ উপস্থিতিৰ বহী ৰখাটো বাধ্যতামূলক বুলি উল্লেখ কৰিছে৷

আনহাতে, সংসদৰ শৈক্ষিক দিনপঞ্জী অনুসৰি উচ্চতৰ শাখাৰ পাঠদানৰ প্ৰতিটো পিৰিয়ডৰ কাৰণে ৪৫ মিনিট নিৰ্ধাৰণ কৰাৰ বিপৰীতে জিৰণিৰ সময় নোহোৱাকৈ ধাৰাবাহিকভাৱে শ্ৰেণীত পাঠদান কৰাটো নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিদ্যালয়ৰ কৰ্তৃপক্ষক আন এক নিৰ্দেশ দিছে৷

ইফালে,কিছুমান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শণিবাৰটো সেই বিদ্যালয়ে অৰ্ধছুটী ঘোষণা কৰে যদিও সংসদৰ শৈক্ষিক দিনপঞ্জী মতে উচ্চতৰ শাখাৰ পাঠদানৰ ক্ষেত্ৰত এই বিধি উলংঘা কৰি অহা হৈছে বুলি উল্লেখ কৰি প্ৰতি শণিবাৰেও সপ্তাহৰ আন বাৰবোৰৰ দৰেই সম্পূৰ্ণৰূপে শ্ৰেণীত পাঠদান কৰিবলৈ নিৰ্দেশনা দিছে শিক্ষা সংসদে৷ ৰাজ্যৰ সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলক শিক্ষা সংসদৰ উক্ত নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে বিদ্যালয়ৰ অধ্যক্ষসকলক ৩১ আগষ্টৰ ভিতৰত বিদ্যালয়ত প্ৰস্তুত কৰা দৈনিক পাঠদানৰ কৰ্মসূচীখন জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে।

সম্প্ৰতি উচ্চতৰ শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ গুণগত শিক্ষাৰ মান অধিক তৰাম্বিত তথা উন্নীতকৰণৰ হেতু শিক্ষা সংসদে প্ৰেৰণ কৰা এই কঠোৰ নিৰ্দেশনাই শৈক্ষিক মহলত ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে৷