12
Jun
2017

কামপুৰঃ অসম দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সহযোগত আৰু নগাওঁ জিলা দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সৌজনত কামপুৰৰ তেতেলীসৰা উদ্যোগত আজি দিনযোৰা কায্যসূচীৰে দুৰ্যোগ ব্যৱস্থাপনাৰ সম্পৰ্কে এক সজাগতাৰ কায্যসূচী পালন কৰা হৈছে।
পুৱা কামপুৰৰ তেতেলীসৰা গাঁৱৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা শোভাযাত্ৰাৰে কাৰ্য্যসূচীৰে এই অনুষ্ঠান আৰম্ভ হয়।
ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুস্থিত হয়। সমূহ কাৰ্য্যসূচীত অগ্নি নিৰ্বাপক বাহিনী, কৃষি, শিক্ষা, গ্ৰামোন্নয়ন বিভাগ আৰু প্ৰশাসনৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে।