
newsnextone.com। মানকাচৰঃ মানকাচৰৰ কুকুৰমাৰা এম ই স্কুলত ছিভিক একছন আচনিৰ অধীনত আজি ৰাতিপুৱা ১০.৩০ বজাৰ পৰা ৬ বি এন বি এছ এফ ৰ উদোগত এক বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰা হৈছে। লগতে বিদ্যালয়বোৰত কিছু খেলৰ সামগ্ৰী,ডেস্ক, ফিল্টাৰ আদি যোগান ধৰে।
কাৰ্যসূচীত ৬ বি এন বি এছ এফৰ ডি আই জি হেডকোবাটাৰ ধুবুৰীৰ ললিত কুমাৰ, কমানডেন্ট এম আৰ মিনা আৰু অনান্য বিষয় ববীয়াসকল উপস্ছিত থাকে। ৪৫০ জন ৰোগীক চিকিৎসা প্ৰদান কৰা হয়। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়।
ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশনত মুগ্ঘ হয় বি এছ এফৰ বিষয়ববীয়া আৰু উপস্থিত ৰাইজ। এনে ছিভিক একচন আঁচনিয়ে বি এছ এফ আৰু স্হানীয় ৰাইজক ওচৰ চাপাই সমিল মিলে আগুৱাই যোৱাত সহায় হব বুলি ৰাইজে প্ৰকাশ কৰিছে।