শিৱসাগৰৰঃ শিৱসাগৰৰ সুৰা ব্যৱসায়ী তথা ডিপিএমবি বণ্ডেড ৱেৰ হাউছৰ গৰাকী কানু মজিন্দাৰ বৰুৱাৰ বিৰুদ্ধে উত্থাপিত হৈছে ৫ কোটি টকাৰ কৰ ফাঁকি দিয়াৰ গুৰুতৰ অভিযোগ৷

৪০ কোটি টকাৰ বিজি বণ্ডেড ৱেৰ হাউছত সংঘটিত অনিয়ম আৰু কৰ ফাকিৰ ঘটনাৰ সৈতে একাংশ চৰকাৰী বিষয়া জালত পৰাৰ ১০ দিনৰ পূৰ্বে আবকাৰী আয়ুক্তৰ নিৰ্দেশত জিলা প্ৰশাসনে ছীল কৰা ডিপিএমবি বণ্ডেড ৱেৰ হাউছৰ গৰাকী কানু মজিন্দাৰ বৰুৱাৰ বিৰুদ্ধে ব্যাপক অনিয়ম-কৰ ফাঁকিৰ অভিযোগ উত্থাপিত হোৱাত চহৰখনত চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, শিৱসাগৰ চহৰৰ মাজ-মজিয়াৰ ঐতিহাসিক মৰিবিল জলাশয়ৰ দাঁতিত থকা চাৰি মহলীয়া বৰুৱা কম’প্লেক্সৰ প্ৰথম মহলাৰ ডিপিএমবি বণ্ডেড ৱেৰ হাউছটো যোৱা ছয় জুলাইত প্ৰশাসনে ছীল কৰি দিয়ে।

ছীল কৰাৰ সময়ত ৩ কোটিতকৈও অধিক টকাৰ বিলাসী সুৰাৰ বটল জমা থকা ডিপিএমবি বণ্ডেড ৱেৰ হাউছৰ নথি-পত্ৰত পোহৰলৈ অহা বিসংগতিয়ে এতিয়া চকু কপালত তুলিছে প্ৰশাসনৰ।

মাত্ৰ ৪৮ ঘণ্টাৰ পূৰ্বে জিলা উপায়ুক্ত নাৰায়ণ মেলাং কোঁৱৰৰ তৎপৰতাত কানু মজিন্দাৰ বৰুৱাৰ মালিকানাধীন বৰুৱা কম’প্লেক্সৰ ৪ মহলীয়া অট্টালিকাৰ তিনিটা মহলাই বেআইনীভাৱে নিৰ্মাণ কৰাৰ তথ্য পোহৰলৈ আহিছে৷

উপায়ুক্তৰ তৎপৰতাতেই উন্মুক্ত হৈছে কানু মজিন্দাৰ বৰুৱাই বিগত কংগ্ৰেছৰ আমোলত সংঘটিত কৰা কোটি কোটি টকাৰ কৰ ফাঁকি আৰু অনিয়মৰ ভয়ংকৰ তথ্য।

ডিপিএমবি বণ্ডেড ৱেৰ হাউছৰ নামত ব্যৱসায় চলোৱা ব্যৱসায়ীগৰাকীয়ে কৰৰ বাবদ চৰকাৰৰ চকুত ধূলি দি ১,৩৫,৯৮,৬৭৮.৬০ টকা আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে।

একে সময়তেই সুৰা বিক্ৰীৰ বাবদ সংশ্লিষ্ট বিভাগক আদায় দিবলগীয়া এ এন শিতানত মুঠ ১,২১,২১,০০৭.০০ টকা জমা নিদি আত্মসাৎ কৰা বুলি জিলা প্ৰশাসনে চলোৱা অনুসন্ধানত স্পষ্টকৈ পোহৰলৈ অহাৰ লগতে ডি আই (ই অ') ৰ বাবদো ২,২৭,৬১,৩৫৯.০০ টকা নিদিয়া বুলি তথ্য লাভ কৰে প্ৰশাসনে৷