
খেৰণিঃ কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ে চৰকাৰী-বেৰচৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কৰ্মৰত শিক্ষক–শিক্ষয়িত্ৰীৰ বাবে প্ৰাথমিক শিক্ষাৰ ডিপ্লমা তথা ডিইএলএড পাঠ্যক্ৰম বাধ্যতামূলক কৰাৰ পিছতে ৰাজ্যৰ শিক্ষকসকলে ব্যস্ত হৈ পৰিছে ডিইএলএডৰ পাঠ গ্ৰহণত৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠাত ডিইএলএড পাঠ্যক্ৰমৰ কেন্দ্ৰ স্থাপন কৰা হৈছে৷ কাৰ্বি আংলঙৰ খেৰণিস্থিত কপিলি মহাবিদ্যালয়তো স্থাপন কৰা হৈছে ডিইএলএড। বেচিক ট্ৰেইনিং চেণ্টাৰৰ অধিনৰ কেন্দ্ৰটোত মুঠ ৮২ গৰাকী শিক্ষাকৰ্মীয়ে প্ৰশিক্ষণ আৰু পাঠ্যক্ৰম গ্ৰহণ কৰি বুলি কেন্দ্ৰটোৰ সমন্বয়কে জানিবলৈ দিয়ে।
যোৱা ১৭ ডিচেম্বৰৰ পৰা ১২ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা কৰ্মশালাৰ শনিবাৰে সফল সামৰণি পৰে। কৰ্মশালাৰ সামৰণি অনুষ্ঠানত কেন্দ্ৰটোৰ সমন্বয়ক, প্রশিক্ষক, শিক্ষাকৰ্মী আৰু কপিলি মহাবিদ্যালয় কৰ্তৃপক্ষ উপস্থিতিত এখন মুকলি সভা অনুষ্ঠিত হয়৷