
বঢ়মপুৰঃ মঙলবাৰে বিতৰ্কিত কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গােহাঁইৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ নগাঁও জিলাৰ ডবকা-চামগুৰিত বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে৷ ৰে’ল ৰাজ্য মন্ত্ৰী তথা নগাঁৱৰ সাংসদ ৰাজেন গোঁহাইৰ প্ৰতিকৃতি দাহ কৰি আছুৱে নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে৷
উল্লেখ্য যে, সোমবাৰে খানাপাৰাত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিয়ে শুনানি অনুষ্ঠিত কৰি থকাৰ সময়তে মন্ত্ৰীগৰাকীয়ে বিধেয়ক খনৰ সমৰ্থন কৰিছিল৷ ৰাজেন গোহাঁয়ে আমি হিন্দু বাংলাদেশীক সুৰক্ষা দিছো আৰু এই কথাত একো লুকুৱাবলগীয়া নাই বুলি কৈ তেওঁলোকে আমাক নিৰ্বাচনৰ সময়ত সহায় কৰিছিল। আইনখনৰ বিৰোধিতা কৰাসকলে বৰাকত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ বাবে আন্দোলন কৰক বুলি প্ৰত্যাহ্বান জনাইছিল।
তাৰ পিছতে ক্ষোভিত হৈ পৰে ছাত্ৰ সন্থা। ৰাজেন গোহাঁইক জাতিদ্ৰোহী আখ্যা এনে মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে সংগঠনটোৱে। মঙলবাৰে ৰাজেন গোঁহাই মুৰ্দাবাদ ধ্বনিৰে প্ৰথমে ডবকাত আৰু তাৰ পিছত চামগুৰিত আছুৱে ৰাজপথলৈ উত্তাল আহি প্ৰতিবাদ সাব্যস্ত কৰে। ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইৰ প্ৰতিকৃতি দাহ কৰি প্ৰধানমন্ত্ৰী হায় হায়, মুখ্যমন্ত্ৰী হায় বায় শ্ল’গান দি নাগৰিকত্ব সংশোধনী বিধেয়কখন সমৰ্থন কৰা কাৰ্যৰ বাবে মন্ত্ৰীগৰাকীক ধিক্কাৰ দিয়ে৷
চামগুৰি আঞ্চলিক ছাত্ৰ সংন্থাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ কপি দাহ কৰে। আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ঢেকিয়াজুলিতো পথ অৱৰোধ কৰে চাহ জনজাতি ছাত্ৰ সন্থাই৷ ঢেকিয়াজুলি আছুৱে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে৷