তুলসীবাৰীঃ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাক লৈ বাৰুকৈয়ে চিন্তিত হৈ পৰিছে ৰঙিয়াৰ সমীপৰ দ্বাৰকুছি অয্চল ৰাইজ৷ কিছু দিন পূৰ্বে এখন গেলামাল দোকান চোৰে লুটি নিয়াৰ পিছত মঙলবাৰে দিন দুপৰতে ডকাইতি কাণ্ড সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

মিনতি বড়ো নামৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ ঘৰত সংঘটিত হয় ডকাইতিৰ ঘটনা৷ জানিব পৰা মতে, শিক্ষয়িত্ৰী গৰাকী বিদ্যালয়ত ব্যস্ত থকাৰ লগতে আন সদস্য সকলো ঘৰত নথকাৰ সুযোগত গ্ৰহণ কৰি দুৱাৰ ভাঙি ঘৰক প্ৰবেস কৰি সংঘটিত কৰে ডকাইতি৷

প্ৰায় ১ লাখ টকা মূল্যৰ সোনৰ আ-অলংকাৰ সহ নগদ ৩০ হেজাৰ টকা গডৰেজৰ তলা ভাঙি অনায়াসে লুট কৰি নিবলৈ সক্ষম হয়। দিন দুপৰতে এনেদৰে চোৰে চুৰি কাণ্ড সংঘটিত কৰি নিৰ্বিঘ্নে পলায়ন কৰিবলৈ সক্ষম হোৱাটোৱে নিৰাপত্তাৰ স্বৰূপটো উন্মোচন কৰে৷