
লংকাঃ হোজাইত বৃদ্ধি পাইছে আজৱ ডকাইতি। কেতিয়াবা যদি সদয়ৰ হাত আগবঢ়োৱাৰ চলেৰে গাঁৱৰ আজলি মহিলাৰ পৰা ধন লুটি লৈ যায়, কেতিয়াবা আকৌ গাত বিছা দলিয়াই দুৰ্বৃত্তই লুটি লৈ যায় ব্যৱসায়ীৰ ধন৷ এইবাৰ হোজাই জিলাৰ লংকা চহৰত সংঘটিত হ’ল আন এক আজৱ ডকাইটি কাণ্ড৷
এইবাৰ গাত বিছা দলিয়াই অথৱা সহায়ৰ হাত আগবঢ়ায়ো নহয়, এইবাৰ পইচা দেখুৱাই লুটি লৈ গল বৃহৎ পৰিমাণৰ ধন৷ কোনেও তলকিবই নোৱাৰিলে৷ আৰক্ষী প্ৰশাসন কিম্বা স্থানীয় লোকে ঘটনাটো বুজি উঠাৰ আগতেই ধন লৈ উধাও হ’ল ডকাইতৰ দল৷
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, হোজাই জিলাৰ বৰঝাৰণি গাঁওৰ আছাদূৰ ৰহমান নামৰ ব্যক্তি জনে লংকাস্থিত ইউ বি আই বেংকৰ শাখাৰ পৰা নিজৰ জমা ৰখা ধন উলিয়াই ধন খিনি এটা বেগত লৈ বেংকৰ বাহিৰলৈ আহি নিজৰ বাইকৰ হেন্দেলত বেগটো ৰাখিৱলৈ ধৰোতেই দূৰ্বৃত্তই কৌশলেৰে ব্যক্তিজনৰ সম্মূখত কেইখিলা মান টকা পেলায় দি টকা খিনি ৰহমানৰ জেপৰ পৰা পৰিছে বুলি কয়৷ ৰহমান নামৰ ব্যকত্গৰাকীয়ে টকাখিনি উঠাবলৈ মাটিলৈ হাউলি পৰাৰ সময়তে দুৰ্বৃত্তই তেওঁৰ বাইকৰ হেন্দেলৰ পৰা নগদ টকাৰ বেগটো লৈ উধাও হয়৷ ব্যক্তিজনে প্ৰকাশ কৰা অনুসৰি টকাৰ বেগটাৰ ভিতৰত আঠিল ১ লাখ ৮৭ হাজাৰ টকা৷
আনহাতে দিন দুপৰতে কৌশলেৰে কৰা ডকাইতি কাণ্ডৰ পাছত সমগ্ৰ লংকা অঞ্চলত আতংকৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে, ইউ বি আই বেংকৰ সন্মুখত নিৰাপত্তাৰক্ষী আৰু আৰক্ষী ছকাৰ পাছতো তেনে এক আশ্বৰ্যকৰ ডকাইতি সংঘটিত হোৱাত বেংকলৈ টকা জমা আৰু উলিয়াবলৈ অহা লোকসকল নিৰাপত্তাহীনতাত ভূগিছে৷