10
Aug
2017

তুলসীবাৰীঃ কাৰ্যালয়ৰ পৰা বাইকেৰে ঘৰলৈ অহা থকা এগৰাকী লেল কৰ্মচাৰীৰ পৰা অস্ত্ৰ দেখুৱাই নগদ ধন কাঢ়ি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে তুলসীবাৰীত৷
জানিব পৰা মতে, ৰঙিয়াৰ গুৰুকুছি নিবাসী ৰেল বিভাগৰ কৰ্মচাৰী কেৰামত উল্লা নামৰ লোকজনে তুলসীবাৰীৰ লোক এজনৰ পৰা ধনখিনি লৈ গৃহাভিমুখে ৰাওনা হোৱাৰ পথত বাইকত অহা দুৰ্বৃত্তৰ দলটোৱে আগভেটা দি ধন খিনিৰ লগতে পালছাৰ বাইকখনৰ চাবিপাতো কাঢ়ি লৈ উধাও হয়৷
ভাৰত ভূটান পথৰ কৰৰা গড়ভিতৰত কেৰামত উল্লাক বাইকত অহা তিনিজনীয়া দুৰ্বৃত্তই অস্ত্ৰ দেখুৱাই লুটি নিয়ে আঁঠ হাজাৰ টকা৷ স্বাধীনতা দিৱসলৈ মাজত মাথো তিনিটা দিন থকা অৱস্থাত অস্ত্ৰ দেখুৱাই টকা কাঢ়ি নিয়াত চাঞ্চল্যৰ সৃষ্টি হৈছে৷