16
Sep
2017

Midday
নগাওঁঃ ৰাইজক নিৰাপত্তা দিবলৈ মোতায়েন কৰা আৰক্ষীয়ে এতিয়া লিপ্ত হ’ল ডকাইতি কাৰ্যত৷ এনে এক আশ্বৰ্যকৰ ঘটনা সংঘটিত হ’ল নগাঁও জিলাৰ গৰৈমাৰী অঞ্চলত৷
ঘটনা অনুসৰি আজি দুপৰীয়া গৰৈমাৰীৰ অামজাদ অালীৰ ঘৰত প্ৰৱেশ কৰি চাৰি দুৰ্বৃত্তৰ এটা দলে আক লাখ টকা দাবী কৰে৷ আমজাদ আলীৰ ঘৰত চাৰি দুৰ্বৃত্তৰ পাছতেই ঘটনাৰ সম্ভেদ পাই স্থানীয় ৰাইজ উপস্থিত হৈ দুৰ্বৃত্ত কেইজনক কৰায়ত্ব কৰি উত্তম মাধ্যম শোধায়৷
পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত স্থানীয় ৰাইজে দুৰ্বৃত্ত চাৰিজনক আৰক্ষীক গতাই দিয়ে৷ অাটকাধীন কেইজন চিৰাজ অালী, মহিবুৰ ৰহমান, চাইফুল ৰহমান অাৰু অাৰজুল অালী৷ আনহাতে ধৃত লোক কেইজনৰ মাজৰ অাৰজুল অালী নামৰ দুৰ্বৃত্তজনে নিজকে ওদালগুৰি থানাৰ অাৰক্ষী বুলি চিনাকী দিয়ে৷