অভয়াপুৰীঃ আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ এছ বি আই শাখাৰ সন্মুখত দুজন যুৱকে বেংক কৰ্মচাৰীৰ পৰা দিন দুপৰতে লুটিলে নগদ ৫ লাখ টকা।প্ৰাপ্ত তথ্য মতে, আজি দুপৰীয়া প্ৰায় ২ বজাত অসম গ্ৰামীণ বিকাশ বেংকৰ বহলপুৰ শাখাৰ পৰিচালক আনোৱাৰ হুছেইনে নিজ কৰ্মৰত বেংকৰ বাবে প্ৰয়োজন হোৱা ৫ লাখ টকা এছ বি আই অভয়াপুৰী শাখাৰ পৰা উঠাই লৈ আহি এ এছ-০৫এফ-১৯২০ নম্বৰৰ ব্যক্তিগত আই টেন গাড়ীখনৰ চিটত থয়।

ঠিক তেনে সময়তে এজন যুৱকে আনোৱাৰ হুছেইনক তেওঁৰ টকা তলত পৰি থকা বুলি জনায়৷ তেতিয়া হুছেইনে তললৈ ঘুৰি তেওঁ কেইখনমান দহটকীয়া নোট পৰি থকা প্ৰত্যক্ষ কৰে যদিও পিছমূহুৰ্ততে বেংকৰ শাখা পৰিচালক জনে তেওঁৰ গাড়ীখনৰ ছিটটোত লক্ষ্য কৰি টকাৰ বেগটো নেদেখাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

আনহাতে ঘটনাটোৰ আকস্মিকতাত আনোৱাৰ হুছেইন কিংকৰ্তব্যবিমূঢ় হৈ তেওঁক তলত টকা পঢ়ি থকা বুলি জনোৱা যুৱক জনৰ পিছে পিছে খেদি যায় আৰু এছ বি আই অভয়াপুৰী শাখাৰ সমীপৰ এখন হোটেলত উক্ত যুৱকজনক ৰাইজৰ সহযোগত আটক কৰিবলৈ সক্ষম হয়৷ কিন্তু যুৱকজনৰ পৰা টকাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল।

ইতিমধ্যে অভয়াপুৰী আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰোৱাত ঘটনাস্থলীত উপস্থিত হৈ যুৱক জনক অভয়াপুৰী থানালৈ লৈ আনে। ইপিনে স্থানীয় ৰাইজে টকাখিনি যুৱকজনে ইতিমধ্যে তেওঁৰ সহযোগীক হস্তান্তৰ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখ্য যে, আৰক্ষীৰ জেৰাত ধৃত যুৱকজনে নিজকে শিলিগুৰীৰ হংকং মাৰ্কেটৰ অমল দাস(২০) বুলি পৰিচয় দিয়ে আৰু তেওঁ অভয়াপুৰীলৈ ফুৰিবলৈ আহিছে আৰু উক্ত ঘটনাটোৰ লগত তেওঁ জড়িত নহয় বুলি আৰক্ষীক জানিবলৈ দিয়ে। এতিয়ালৈকে আৰক্ষীয়ে লুট হোৱা ৫ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।