newsnextone.com | ৰঙিয়াঃ ৰঙিয়াত দিন দুপৰতে এজন বেংক এজেন্টৰ পৰা টকাৰ বেগ কাঢ়ি নিবলৈ দুৰ্বৃত্তই চেষ্টা চলোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ 

জানিব পৰা মতে, মঙলবাৰে আশা ইন্টাৰনেছনেল কোঃ নামৰ বেংক সংস্থাটোৰ মুৰাৰাস্থিত কাৰ্যালয়ক এজেন্ট বিকাশ দাসে বৰদল এলেকাৰ পৰা বেংকৰ  ধন সংগ্ৰহ কৰি ৰঙিয়া মহকুমাধিপতি কাৰ্য্যালয় পথেৰে চাইকেল চলাই আহি আছিল৷ 

সেই সময়তে এখন ৰঙা পালছাৰ বাইকত উঠি অহা দুজন যুৱকে পিষ্টল দেখুৱাই বিকাশ দাসৰ পৰা টকাৰ বেগটো কাঢ়ি নিবলৈ চেষ্টা কৰে৷

এজেন্ট জনে যুৱক দুজনৰ এনে কাণ্ডত ভয় খাই চিঞৰ-বাখৰ কৰাত স্থানীয় লোক উপস্থিত হোৱাৰ পূৰ্বেই যুৱক দুজনে পলাই যায়৷

ঘটনাস্থলীত ৰঙিয়া আৰক্ষীৰ এটা দল উপস্থিত হৈ ঘটনাৰ তদন্ত চলায়৷ বিকাশ দায় নামৰ এজেন্ট জনে বেগত লক্ষাধিক টকা কঢ়িয়াই আনিছিল বুলি জানিব পৰা গৈছে৷