ডাক্তৰ নাই...

newsnextone.com | ওদালগুৰিঃ চিকিৎসকে সময় মতে চিকিৎসালয়লৈ নহাটো অসমত যেন এক নিয়মতহে পৰিণত হৈছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত সময় মতে চিকিৎসক নহাৰ ফলত ৰোগীয়ে চিকিৎসালয়ৰ বাৰান্দাত বোন্দা পৰ দি থাকিব লগা হয়৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো একাংশ চিকিৎসালয়ত চিকিৎসক বহু পলমকৈ আহি সময়ৰ পূৰ্বেই চিকিৎসালয়য় এৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷

তেনেই এখন চিকিৎসালয় হৈছে ওদালগুৰিৰ বৰ্ণগাঁওস্থিত ২০০খন বিচনাযুক্ত ওদালগুৰি অসামৰিক চিকিৎসালয়৷ জিলা খনৰ লোকৰ আশা-ভৰষা চিকিৎসালয় খন সময়ে সময়ে সুনামৰ বাবে নহয় বদনামৰ বাবেহে শিৰোনাম দখল কৰে৷ বুধবাৰে পুৱাও সময়ত মতে চিকিৎসালয়লৈ নাহিল চিকিৎসক৷ কোঠাত চিকিৎসক অনুপস্থিত থকাত একাংশ ৰোগীয়ে ৰৈ থাকিব লগা হৈছিল৷

তেওঁলোকৰ অভিযোগ অনুসৰি চিকিৎসালয়খনৰ কোঠাত বহু সময়লৈ উপস্থিত নাছিল চিকিৎসক। ফলত কোঠাৰ সন্মুখত ভিৰ কৰি আছিল ৰোগী তথা আত্মীয়সকল। ৰোগীয়ে চিকিৎসকৰ বাবে ৰৈ থকাৰ সময়তে এটি কুকুৰে আমোদ দিয়ে ৰোগীসকলক৷ প্ৰতিগৰাকী চিকিৎসকৰ কোঠাৰ সন্মুখলৈ যায় কুকুৰটো৷ দুৱাৰ মুখৰ পৰাই চিকিৎসৰ কোঠাৰ ভিতৰলৈ চাবলৈ ধৰে কুকুৰটোৱে৷ এটাৰ পিছত এটা কোঠা তেনেদৰে চোৱাত একাংশ লোকে ৰাজ্য চৰকাৰক কটুক্তি কৰি মন্ত্ৰীয়ে চাডেন ভিজিটৰ বাবে পঠিয়াই দিব পাৰে বুলি কহলৈ ধৰে৷ 

হঠাৎ কুকুৰটো আহি প্ৰৱেশ কৰিছিল চিকিৎসালয়ত। এই দৃশ্য মোবাইলৰ কেমেৰাত আৱদ্ধ কৰে একাংশ ৰোগীৰ আত্মীয়ই। তাৰ পিছতে চিকিৎসকৰ কোঠাই কোঠাই প্ৰৱেশ কৰিছিল প্ৰভুভক্ত কুকুৰটোৱে। অৱশ্যে এই দৃশ্যই চিকিৎসালয়খনত উপস্থিত থকা ৰোগী তথা অভিভাৱকসকলে আমেজ লয়৷ 

আনহাতে চিকিৎসালয়ত চিকিৎসক উপস্থিত নোহোৱাত অভিযোগ দিবলৈ গৈ ব্যৰ্থ হোৱা বুলি জানিবলৈ দিয়ে। যিসময়ত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়ণৰ বাবে স্বাস্থ্য বিভাগে গুণোৎসৱৰ দৰে ঐতিহাসিক পদক্ষেপ হাতত লোৱাৰ কথা জানিবলৈ দিছে তেনে সময়তে চিকিৎসালয়ৰ এনে দৃশ্যই সচেতন মহলক চিন্তিত কৰি তুলিছে৷ উপস্থিত ৰোগীৰ আত্মীয়ই সময়মতে চিকিৎসক নথকাৰ অভিযোগ উত্থাপন কৰি স্বাস্থ্য বিভাগক দৃষ্টি নিক্ষেপ কৰাৰ বাবে দাবী জনায়।