
newsnextone.com | বোকাজানঃ কাৰ্বি আংলঙৰ ডকমকাত গুৱাহাটীৰ দুই উদীয়মান যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক দুৰ্বৃত্তই নৃসংশভাৱে হত্যা কাণ্ডৰ সৈতে জড়িত আৰু ৩ জনক লোকক শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
যোৱা ১৮ জুনত ঘটনাৰ অভিযুক্ত আৰু ৫জনক আটক কৰিবলৈ সক্ষম হৈছিল৷ কাৰ্বি আংলং জিলা আৰক্ষীয়ে অভিযান চলাই ৰেইকম তিমুং, মেনছিং ক্ৰ’, ৰবেন মেছ, বিক্ৰম হাঞ্চে আৰু প্ৰতাপ ক্ৰ’ নামৰ ৫গৰাকী লোকক আটক কৰে৷
ইয়াৰে পিছতে শুকুৰবাৰে ঘটনাৰ তদন্ত বাবে গঠন কৰা এছআইটিয়ে হত্যাৰ ঘটনাত জড়িত থকাৰ অভিযোগত পুনৰ তিনিজনক আটক কৰে৷ জন ইংতি, ৰাজু ক্ৰ আৰু চছথেনাচ তিমুঙক আটক কৰিবলৈ সক্ষম হয়৷ ঘটনা সংঘটিত কৰাৰ পিছৰে পৰা পলাই আছিল তেওঁলোক৷ বিশেষ তদন্তকাৰী দলে তিনিজনক আটক কৰে৷ হত্যাত জড়িত মুঠ ৪৬ গৰাকী লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে৷