
ডিব্ৰুগড়ঃ ২০১৯ বৰ্ষৰ পদ্মশ্ৰী সন্মান লাভ কৰি অসমলৈ গৌৰব কঢ়িয়াই অনা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিকিৎসক ডাঃ ইলিয়াছ আলীক সোমবাৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে৷
সংগঠনটোৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে এটি ফুলাম জাপি, গৰিয়া, মৰিয়া, দেশী জনগোষ্ঠীৰ এখন কৱচ (গামোচা) আৰু এখন অভিনন্দন পত্ৰৰে পদ্মশ্ৰী সন্মান প্ৰাপ্ত ডাঃ ইলিয়াছ আলীক বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে৷ দিনৰ প্ৰায় ১ বজাত সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি নুৰুল হ’ক, সহকাৰী সম্পাদক চহিদ আলী আহমেদ, গুৱাহাটী মহানগৰ জিলা সমিতিৰ উপ-সভাপতি ইছমাইল আলী, সভাপতি ৰাজীৱ চৌধুৰী, সম্পাদক সুৰজ খানে গুৱাহাটী মহানগৰীৰ হাতীগাঁও সিজুবাৰীস্থিত গ্ল’বেল হস্পিতালত উপস্থিত হৈ বিশিষ্ট চিকিৎসকগৰাকীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে৷
ডাঃ ইলিয়াছ আলীক সম্বৰ্ধনা জ্ঞাপন কৰি সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি নুৰুল হকে ডাঃ ইলিয়াছ আলী এগৰাকী গৰিয়া জনগোষ্ঠীৰ সন্তান বুলি কৈ ডাঃ ইলিয়াছ আলীয়ে অসমীয়া জাতিক গৌৰাৱান্বিত কৰা বুলি কয়৷ চিকিৎসা বিজ্ঞানৰ খ্যাতিৰে অসমীয়া জাতিক বিশ্বত উজ্বলাই তোলাৰ কামনা কৰি আমাৰ দেশ আৰু ৰাজ্যখনৰ জন বিস্ফোৰণৰ দৰে ভয়াৱহ সমস্যাৰপৰা মুক্ত কৰিবলৈ সামাজিক প্ৰয়োজনীয়তা সন্দৰ্ভত চলাই যোৱা সংগ্ৰামৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ডাঃ ইলিয়াছ আলীক দেশৰ অন্যতম সন্মান পদ্মশ্ৰী সন্মান প্ৰদান কৰা বুলি কয় নুৰুল হ’কে৷
পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক চহিদ আলী আহমেদে অসমৰ শৈক্ষিক দিশত পিছপৰা আৰু অনগ্ৰসৰ লোকৰ হিতৰ বাবে কাম কৰা ডাঃ ইলিয়াছ আলীৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ বাবে লাভ কৰা পদ্মশ্ৰী সন্মানৰ বাবে সমগ্ৰ অসমবাসীৰ লগতে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদও গৌৰাৱান্বিত বুলি কয়৷ আনহাতে, একেটা দিনতে মজলিছ-ই-খাইতুন আৰু হাতীগাঁও লেখিকা এচোছিয়েচনে ডাঃ আলীক সম্বৰ্ধনা জ্ঞাপন কৰে৷