গুৱাহাটীঃ অসম আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰা দেশদ্ৰোহিতাৰ গোচৰত অগ্ৰিম জামিন লাভ কৰিছে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁইয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে কিছুসময় পূৰ্বে  মঞ্জুৰ কৰে গোঁহাইৰ জামিন আবেদন।

বিশিষ্ট চিন্তাবিদ ড০ গোঁহাইৰ লগতে কৃষক নেতা অখিল গগৈ আৰু বিশিষ্ট সাংবাদিক মনজিৎ মহন্তৰো জামিন আবেদন মঞ্জুৰ কৰে উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে বৃহস্পতিবাৰে যোৱা ৭ জানুৱাৰীৰ সভাত ৰাষ্ট্ৰবিৰোধী মন্তব্য দিয়াৰ অভিযোগ তুলি দেশদ্ৰোহৰ গোচৰ ৰুজু কৰিছিল আৰক্ষীয়ে।

লতাশিল থানাত ড০ গোঁহাইৰ বিৰুদ্ধে ৰুজু কৰা উক্ত গোচৰৰ পিছতে উত্তাল হৈ পৰে সমগ্ৰ ৰাজ্য। চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি একাধিক দল-সংগঠনে ড০ গোহাঁইৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাইল ল’বলৈ দাবী জনায়।

ইয়াৰ মাজতে আজি দিনৰ ভাগত ড০ গোহাঁইৰ লগতে মনজিৎ মহন্ত আৰু অখিল গগৈয়েও গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন বিচাৰি আবেদন জনায়। অৱশেষত শুনানি গ্ৰহণ কৰি অহা ২২ জানুৱাৰীলৈ ন্যায়ালয়ে এই অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে।