উপস্থিত সংগ্ৰামী ৰাইজ‌। অসম বিভিন্ন আন্দোলনত বলীয়া হৈ আছে‌। কিন্তু বিকাশৰ কাৰণে, উন্নয়নৰ কাৰণে কোনো সুযোগেই নাপায়‌। এটাৰ পাছত এটা বিপৰ্যয় আহি আমাক বিভ্ৰান্ত, উদভ্ৰান্ত কৰি আছে‌। আমি তাৰ পৰা কিছু শিক্ষা লাভ কৰিছো‌ঁ। আবেগ সাৰোগত কৰি নহয়‌। আবেগ লাগিব‌। আবেগ মানুহৰ ৰক্ত প্ৰবাহৰ নিচিনা‌। আবেগ নহ’লে কোনো আন্দোলনে নহয়‌। কিন্তু এই আবেগৰ ভিত্তিত কিছুমান নীতি-আদৰ্শ নিশ্চয় লাগিব‌। আমি যে ধৰ্ম-নিৰপেক্ষতাৰ কথা কৈছোঁ, এই ধৰ্ম নিৰপেক্ষতা পাতনিৰে পৰা থকা সংবিধানৰ এটা প্ৰতিশ্ৰুতি‌, সংবিধানৰ এক অন্যতম আধাৰ। গতিকে ধৰ্ম-নিৰপেক্ষতা যি দল, যি চৰকাৰে উলংঘা কৰিবলৈ বিচাৰে আমি সেই চৰকাৰ নিপাত যোৱাটো নিশ্চয় বিচাৰোঁ‌। কিন্তু তাৰ দ্বাৰা আমি কি কৰিছোঁ? আমি এই কথা ঘোষণা কৰি ভাৰতৰ ধৰ্ম-নিৰপেক্ষ যিটো চৰিত্ৰ তাক ৰক্ষা কৰিব বিচাৰিছো‌ঁ। অসমৰ বাবে যুঁজ কৰি আমি, অসমৰ অস্তিত্বৰ বাবে যুঁজ কৰিম, ভাৰতৰ সংবিধান ৰক্ষাৰ যুঁজত আমি ব্ৰতী হ’ম‌।

আপোনালোকে জানে যে ১৯৪৬, ৪৭ চনত, যেতিয়া ধৰ্মৰ ভিত্তিত বংগ দেশ বিভাজন হৈছিল, তেতিয়া আমাৰ দূৰদৰ্শী দেশপ্ৰেমিক নেতা গোপীনাথ বৰদলৈ, অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ধৰ্ম-নিৰপেক্ষতাৰ আদৰ্শক বুকুত বান্ধি সেইধৰণৰ আহ্বানৰ প্ৰতি বিৰোধিতা জনাইছিল‌। জিন্না, মৌলানা ভাসানীৰ যি হুংকাৰ তাক তেত্তঁলোকে নেত্তচিছিল, হিন্দু ৰাষ্ট্ৰৰ সপক্ষে থিয় হৈ পেলায়‌। ধৰ্ম-নিৰপেক্ষ ভাৰতীয় ৰাষ্ট্ৰৰ সপক্ষে তেত্তঁ থিয় দিছিল‌। আৰু এই ধৰ্ম-নিৰপেক্ষতা হৈছে আমাৰ সংবিধানৰ অন্যতম ভিত্তি‌। গতিকে ধৰ্ম-নিৰপেক্ষতাৰ সপক্ষে যুদ্ধ কৰা, আৰু ধৰ্মীয় ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব খোজাসকলৰ বিৰুদ্ধে যুদ্ধ কৰাসকলে ভাৰতৰ কাৰণে যুদ্ধ কৰিছে, অসমৰ কাৰণে কিন্তু যুদ্ধ নহয়‌।

দ্বিতীয় কথা হৈছে এইটো, যে ব্ৰিটিছৰ দিনৰপৰা অসমক নানান অন্যায় কৰি থকা হৈছে‌। ১৮৩৭ চন ভাষাটোকে উঠাই দিলে‌। ক’ৰ্ট-কাছাৰী, স্কুলৰপৰা‌। ১৯০৫ চনত বংগৰ পূৰ্ব-বংগৰ লগত গাঠি দি অসমৰ অস্তিত্বই নোহোৱা কৰিলে‌। তাৰ পাছত আমি ভাবিছিলোঁ, যে স্বাধীন চৰকাৰে নিজৰ অস্তিত্বৰে, আমাক নিজৰ মৰ্যদাৰে, বাচি থাকিবলৈ আমাক সুযোগ দিব‌। আমাক অবকাশ দিব‌। কিন্তু সেইটো নহ’ল‌। অসম আটাইতকৈ বঞ্চিত, অনুন্নত ৰাজ্য হৈ থাকিল‌। গতিকে আমি যদি আজি কিবা দাবী কৰিছোঁ, যিটো সংবিধানৰ প্ৰতিশ্ৰুতি, য’ত সংঘীয় ৰাষ্ট্ৰ, য’ত সকলো ৰাজ্যৰ সমান মৰ্যদা, সমান অধিকাৰ, সেই সংঘীয় ৰাষ্ট্ৰৰ আদৰ্শ আমি আকৌ জানিব বিচাৰিছো‌ঁ। যদি স্বাধীনতাৰ কথা আহে, যদি আমাৰ কোনো কথাই নুশুনে, চৰকাৰে, ৰাষ্ট্ৰই, অন্যান্য দল সংগঠনে ভাৰতৰ, তেতিয়াহ’লে বেলেগ কথা‌। তেতিয়া আমি স্বাধীনতাৰ দাবী নিশ্চয় তুলিবলৈ বাধ্য হ’ম‌। কিন্তু সম্প্ৰতি আমি ভাৰতীয় ৰাষ্ট্ৰৰ ধৰ্ম-নিৰপেক্ষ চৰিত্ৰ, সংঘীয় চৰিত্ৰ ৰক্ষাৰ কাৰণে যুঁজিছো, আমাৰ অসমৰ কাৰণে যুদ্ধখন, ভাৰতৰ কাৰণে যুদ্ধত পৰিণত হৈছে‌। আৰু স্বাভাবিকতে্ ইয়াৰ বিৰুধিতা কৰা সকলো অপশক্তিকে আমি ধিক্কাৰ দিছো‌ঁ। আৰু আজি সেইকাৰণে আমি ধিক্কাৰ দিৱস পালন কৰিছোঁ, আৰু নিজৰ নাক-কাণ কাটি, চৰকাৰৰ লগত সহযোগিতা কৰি থকা, চৰকাৰৰ লগত একে মঞ্চত আসন গ্ৰহণ কৰি থকা, হাত-তালি বজোৱা অ গ পৰ নেতাসকলক আমি ধিক্কাৰ দিছো‌ঁ। নৰেন্দ্ৰ মোদীক ধিক্কাৰ দিছো‌ঁ। তেত্তঁ এখন দেশৰ প্ৰধান মন্ত্ৰী‌। তেত্তঁ আহি পেলাই, শিলচৰত, অত্যন্ত সংকীৰ্ণ এটা জাতীয় আৰু ধৰ্মীয়, বাণী কেনেকে ঘোষণা কৰিব? তেত্তঁ ৰাষ্ট্ৰৰ প্ৰতি বিশ্বাসঘাটক‌। নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰৰ আদৰ্শৰ প্ৰতি বিশ্বাসঘাটকতা কৰিছে‌। গতিকে তেত্তঁৰ দল, তেত্তঁৰ নেতৃত্ব আমি আৰু নিবিচাৰোঁ‌। অসমৰ মানুহে তেত্তঁক নিবিচাৰে‌। বন্ধুসকল, ইয়াকে সাৰোগত কৰি আমি আগবঢ়া উচিত‌। সাময়িক আবেগৰ ঢৌত উটি নগৈ আমি ভাৰতৰ নাগৰিক হিচাবে যিমান দূৰ পাৰোঁ যুঁজিম‌। যদি সেই যুঁজ সফল হ’ব নোৱাৰে (মই ভাবোঁ সফল হ’ব), তেতিয়া স্বাধীনতাৰ দাবী উঠিব‌। ধন্যবাদ‌।