চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামৰ আউনিআটীস্থিত এডলিয়াবৰ শাখা সত্ৰৰ মণিকূট আৰু ৰাঙলী চ’ৰা প্ৰতিষ্ঠা দিৱসৰ দেওবাৰে সামৰণি পৰে৷ সামৰণি অনুষ্ঠান উপলক্ষে প্ৰাক্তন মুখ্যমন্ত্ৰী, বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হয় ধৰ্মালোচনী সভা৷ সভাত ঐতিহ্যমণ্ডিত অাউনিঅাটী সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে৷ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে চৌৰাশী লক্ষ্য জীৱন পাৰ হোৱাৰ পাছত মানুহে জীৱন পায় বুলি কয়৷

মানুহৰ জীৱন অমূল্য এই অমূল্য জীৱনক ধৰ্মৰ জৰিয়তে পশুৰ পৰা পৃথক কৰি মানুহক শ্ৰেষ্ঠ বুলি কোৱা হৈছে সেয়েহে আমি ধৰ্ম পালন কৰি নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব লাগিব৷ যি কথাই মানুহক ধৰি ৰাখে সেয়াই ধৰ্ম বুলি কোৱা হৈছে বুলিও কয়৷ তেও আৰু কয়, সত্ৰ অনুষ্ঠানৰ ইতিহাস অাছে৷ সত্ৰৰ বীজ শংকৰদেৱে ৰোপণ কৰি থৈ গ'ল৷ নৈমিষা অৰণ্যৰ উদাহৰণ দি ড০ গোস্বামীয়ে কয়, শুকমুণিয়ে ২৮ হাজাৰ ঋষিক ধৰ্ম কথা শুনাবলৈ একত্ৰিত কৰিছিল অাৰু সকলো মুনিয়ে তেওঁৰ কথা গুৰুত্ব সহকাৰে শুনি গৈছিল৷

সেই আৰ্হিতে মহাপুৰুষ শংকৰদেৱেও সত্ৰ প্ৰতিষ্ঠা কৰিছিল এনেক্ষেত্ৰত ধৰ্মৰ কথা শুনিবলৈ আমাক হেঁপাহ, মৌনতা আৰু আগ্ৰহ থাকিব লাগিব বুলি কৈ সত্ৰসমূহ সামাজিক ক্ষেত্ৰ বুলি তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ এনেক্ষেত্ৰত সামাজিক জীৱন প্ৰতিফলিত কৰিবলৈ সত্ৰৰ দায়িত্ব অধিক, জনকল্যানেই হ’ল সত্ৰৰ ধৰ্ম৷ ড০ গোস্বামীয়ে লগতে কয়, মানুহৰ মনত অহংকাৰভাৱ থাকিলে আধ্যাত্মিক চিন্তাত উপনীত হ’ব নোৱাৰে৷ ভকতগৰাকী বিনয়ী আৰু অহংকাৰহীন হ’লেহে প্ৰকৃততে তেওঁ ভক্ত হ'ব পাৰিব৷ ইফালে, সাম্প্ৰতিক বিভীষিকাময় পৰিবেশৰ কথা উল্লেখ কৰি সত্ৰাধিকাৰগৰাকীয়ে অাধ্যাত্মিক চিন্তা থকা হ’লে বিভীষিকাময় পৰিবেশৰ সৃষ্টি নহ'লহেতেন বুলি মন্তব্য অাগবঢ়ায়৷

বৰ্তমান বিশ্বায়নৰ যুগত আমি আন্তৰিকভাৱে বিশ্বায়ন হোৱা হ’লে সামাজিক উত্তৰণত সহায় হ'লহেতেন৷ তেওঁ আৰু কয়, এৰা-ধৰা কৰি চলিলেহে সমাজখন চলি থাকিব, এৰাধৰা কৰি চলিবই লাগিব৷ পৰম্পৰাকে খামুচি ধৰি থাকিলে নহ’ব৷ সভাপতিৰ ভাষণত প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই কয়, পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম হৈছে সনাতন ধৰ্ম, আটাইতকৈ কনিষ্ঠ ধৰ্ম হৈছে ইছলাম ধৰ্ম৷ সনাতন ধৰ্মই সূৰ্যৰ দৰে প্ৰকাশ বিলাইছে৷

মানুহৰ জীৱনত সত্ৰসমূহৰ প্ৰভাৱ অনশ্চিকাৰ্য৷ উদযাপন সমিতিৰ সম্পাদক খৰ্গেশ্বৰ বৰাই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত কাৰ্যকৰী সভাপতি দয়াৰাম কলিতাই ভাষণ প্ৰদান কৰাৰ লগতে অগপৰ নগাঁও জিলা সমিতিৰ সভাপতি অতুল মেধি, সাধাৰণ সম্পাদক নিৰঞ্জন বৰা, সমাজকৰ্মী দুৰ্লভ হাজৰিকা আদি উপস্থিত থাকে৷

সভাত নগাঁও মৰিকলঙৰ ননী বৰুৱাই সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামী আৰু দেৱানন্দ দেৱ গোস্বামীৰ ওপৰত লিখি উলিওৱা দুটি কবিতা পাঠ কৰে৷ পুৰণিগুদাম অাউনিআটী এডলিয়াবৰ শাখা সত্ৰত যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীয়ে অনুষ্ঠিত হোৱা নৱনিৰ্মিত মণিকূট অাৰু ৰাঙলী চ'ৰাৰ প্ৰতিষ্ঠা দিৱসৰ দেওবাৰে নিশা অঞ্চলৰ বয়োজেষ্ঠ ব্যক্তিসকলৰ দ্বাৰা বিশিষ্ট অভিনেতা তৰুণ শইকীয়াৰ পৰিচালনাত "দক্ষযজ্ঞ" ভাওনাৰে সফল সামৰণি পৰে৷