
গোৰেশ্বৰঃ সাধাৰণ মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষিত হোৱাটো দুৰৰ কথা ৰাজ্য চৰকাৰৰ বিয়াগোম বিভাগৰ কাৰ্যালয়ে এতিয়া সুৰক্ষিত নহয়৷ গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু আৰক্ষী থানাৰ পৰা মাথো ১০০ মিটাৰ নিলগৰ এটি চৰকাৰী কাৰ্যালয়ত চুৰি কাণ্ড সংঘটিত হোৱাত এই প্ৰশ্নই উত্থাপন হৈছে৷
এসময়ৰ অসমৰ অন্যতম বৃহৎ জলসিঞ্চন প্ৰকল্প শুক্লা জলসিঞ্চন প্ৰকল্প। ইয়াকে কেন্দ্ৰ কৰি গঠন হোৱা শুক্লা জলসিঞ্চন সংমণ্ডল এতিয়া ঠিকাদাৰৰ বাবে ধনসিঞ্চনত পৰিণত হোৱাৰ উত্থাপন হৈ আহিছে।
একাংশ ঠিকাদাৰৰ সোণৰ কণি পৰা হাঁহত পৰিণত হোৱা জলসিঞ্চন সংমণ্ডলটোৰ কোটি-কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা আঁচনিয়ে কৃষকক পথাৰত পানী দিব পৰা নাই।
কৃষকক পথাৰত পানী দিব নোৱাৰিলেও সংমণ্ডলটোৰ বিষয়া-কৰ্মচাৰি ঠিকাদাৰে মিলি লুন্ঠন অব্যাহত ৰাখিছে সংমণ্ডলটোত। শেহতীয়াভাবে এজন ঠিকাদাৰে বিষয়া-কৰ্মচাৰীৰ সৈতে থকা সু-সম্পৰ্কৰ সুযোগ লৈ চুৰি কৰি লৈ গৈছে ৮২ খন ড্ৰাফট।
গোৰেশ্বৰৰ মনোৰঞ্জন বড়ো নামৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰজনে চুৰি কৰাৰ কথা অৱশেষত লিখিত ভাবে স্বীকাৰো কৰিছে৷ ঠিকাদাৰজনে বাতৰি লিখা পৰলৈ উভতাই দিয়া নাই ড্ৰাফটসমূহ। সংমণ্ডলটোৰ কাৰ্যবাহী অভিযন্তা গজেন তালুকদাৰৰ দুৰ্বলতাৰ সুযোগ লৈ ঠিকাদাৰজনে জ্যেষ্ঠ সহায়ক আলটাফ হুছেইন দায়িত্বত ড্ৰাফট চুৰি কৰে প্ৰায় ২ লাখ টকা মূল্যৰ ড্ৰাফটসমূহ।
অৱশ্যে এই বিষয়ে প্ৰশ্ন কৰাত মনোৰঞ্জন বড়োই চুৰি কৰা বুলি স্বীকাৰ কৰি লিখিতভাবে উভতাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যোৱা ২৮ এপ্ৰিলত। সাত দিনৰ ভিতৰত ড্ৰাফবোৰ উভতাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছতো উভতাই নিদিয়াত যোৱা ১০ মে'ত বিভাগীয়ভাবে গোৰেশ্বৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।
গোৰেশ্বৰ আৰক্ষী থানাত ৪১ নং গোচৰৰ ৩৮০ ধাৰাৰ এটি কেছ ৰুজু কৰি পুলিচে বিষয়টো অনুসন্ধান কৰাৰ বাবে মনোৰঞ্জন বড়োক বাৰে বাৰে বিচাৰিছিল যদিও বৰ্তমানলৈ পলাতক হৈ আছে অভিযুক্ত প্ৰথম শ্ৰেণীৰ ঠিকাদাৰজন।
সাধাৰণতে কাৰ্যবাহী অভিযন্তাৰ চহী নোহোৱাকে এনে ড্ৰাফ্বটবোৰ ভঙাব নোৱাৰে যদিও কি উদ্দেশ্যেৰে এনেদৰে ৮২ খন অন্য ঠিকাদাৰে কামৰ বিপৰীতে জমা দিয়া ড্ৰাফট চুৰি কৰিল তাকলৈ সংমণ্ডলটোৰ ভিতৰে বাহিৰে তীব্ৰ ৰহস্যৰ সৃষ্টি হৈছে। বহু বিষয়া আৰু ডেৰশতাধিক কৰ্মচাৰীৰে পৰিবেষ্টিত সংমণ্ডলটোত কাৰ্যবাহী অভিযন্তাৰ দুৰ্বলতাৰ বাবেই কৰ্মসংস্কৃতি লোপ পোৱা বুলিও অভিযোগ উত্থাপন হৈছে।
আনহাতে দুজনমান ঠিকাদাৰৰ সৈতে থকা গোপন মিতিৰালিৰে নাৱাৰ্ডৰ বন্ধ ফাইল খুলি ভুৱা বিল বনাই নীতিবৰ্হিভূতভাবে টকা আত্মসাৎ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল বুলিও একাংশই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কাৰ্যবাহী অভিযন্তা গজেন তালুকদাৰৰ বিৰুদ্ধে। শুক্লা জলসিঞ্চন প্ৰকল্পৰ কাৰ্যালয় চলি থকা এনেবোৰ খামখেয়ালীৰ শীঘ্ৰে তদন্ত কৰি পুনৰাই কৰ্ম সংস্কৃতি ঘুৰাই আনিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।