
কোকৰাঝাৰঃ কোকৰাঝাৰৰ জিলাৰ চিম্বৰগাঁও এলেকাৰ পৰা আৰক্ষী আৰু সেনাই এক গোপন সূত্ৰৰ পম খেদি আদিৱাসী ড্ৰেগন ফাইটাৰৰ অধ্যক্ষক আটক কৰিবলৈ সক্ষম হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। সেনা-আৰক্ষীৰ হাতত আটকাধীন আদিৱাসী ড্ৰেগন ফাইটাৰৰ অধ্যক্ষগৰাকীক পানবাৰীৰ সুফল হেমব্ৰম(২৭) বুলি আৰক্ষীয়ে সদৰী কৰিছে।
প্ৰাপ্ত বাতৰি অনুসৰি এক গোপন সূত্ৰৰ পম খেদি জিলাখনৰ বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুভাষ কোচৰ নেতৃত্বত আৰক্ষী আৰু ২১০ নং কোব্ৰা ৰেজিমেণ্টৰ অভিযানকাৰী দল এটাই চিম্বৰগাঁও এলেকাত কালি নিশা এক অভিযান চলায়।
উক্ত অভিযানত অভিযানকাৰী দলটোৱে আদিৱাসী ড্ৰেগন ফাইটাৰ নামৰ উগ্ৰপন্থী সংগঠনটোৰ অধ্যক্ষ সুফল হেমব্ৰমক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও তেওঁৰ পৰা কোনোধৰণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হোৱা নাই। লুকুয়াই ৰখা অস্ত্ৰ শস্ত্ৰৰ সন্ধানত সম্প্ৰতি আৰক্ষীয়ে উগ্ৰপন্থী সংগঠনৰ নেতাগৰাকীক জেৰা অব্যাহত ৰাখিছে।
উল্লেখ্য যে সুফল হেমব্ৰমে ২০১২ চনতে আদিবাসী ড্ৰেগন ফাইটাৰ নামৰ উগ্ৰপন্থী সংগঠনটোত যোগদান কৰি পৰৱৰ্তী পৰ্যায়ত অধ্যক্ষৰ দায়িত্ব চম্ভালিছিল। আদিবাসী ড্ৰেগন ফাইটাৰৰ অধ্যক্ষগৰাকীক সেনা আৰক্ষীয়ে আটক কৰাটো বৃহৎ সফলতা বুলি বিবেচিত হৈছে।