
নামতিঃ নিজৰ স্নেহৰ স্বামী তথা দেশৰ হকে জীৱন উৎসৰ্গা কৰি অসমৰ ইতিহাসত বিশেষ মৰ্যদা লাভ কৰা মহিয়সী নাৰী সতী জয়মতীক শিৱসাগৰ জিলাৰ নামতি চাৰিআলি খেজুৰিতল মহিলা সমাজে স্মৰণ কৰে৷ ২৭ মাৰ্চৰ দিন জয়মতী দিৱস হিচাপে পালন কৰা হয় যদিও ৩১ মার্চত দিনজোৰা কার্যসূচীৰে জয়মতী স্মৃতি দিৱস উদযাপন কৰে মহিলাসকলে। আহোমৰ তুংখুঙীয়া গোটৰ ৰাজকোঁৱৰ গদাপাণিৰ পত্নী জয়মতীক স্মৰণ কৰি বৰ্তমান সময়ত নাৰী ওপৰত হৈ অহা ধৰ্ষণ-যৌন নিৰ্যাতন ৰোধ কৰিবলৈ আজিৰ নাৰী সমাজ জয়মতীৰ দৰে মহিয়সী হ’ব লাগিব বুলি কয়৷
আনহাতে মহিলাসকলে জয়মতী নাটক মঞ্চস্থ কৰে৷ সতী জয়মতীয়ে ৰাজশক্তি উদ্ধাৰ বাবে তথা লালুক খোলাৰ স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে সৰৱ হৈ উঠাই নহয়, স্বেচ্ছাচাৰী লালুকখোলাৰ পৰা পৰিত্ৰাণ পাবলৈ স্বামী গদাপাণিক পলাই যাবলৈ পৰম শক্তি দিয়ে৷ জয়মতীৰ কথামতে স্বামী গদাপাণিয়ে অন্য ঠাইত আশ্ৰয় লৈ থকাৰ সময়ত অত্যাচাৰী লালুকখোলাই গদাপাণিক বিচাৰি নাপায় জয়মতীক বন্দী কৰি ৰাজদৰবাৰলৈ লৈ অহা হয়৷
গদাপাণিক উদ্ধাৰ বাবে ৰাজদৰবাৰত জয়মতীক নানা ধৰণে অত্যাচাৰ কৰে যদিও জয়মতীয়ে স্বামীৰ বিষয়ে এটা শব্দও কোৱা নাই৷ ৰজা লালুক খোলাই নানা ধৰণৰ শাস্তি দি গদাপাণিৰ ঠিকনা উদ্ধাৰৰ আপ্ৰাণ চেষ্টা চলাই যদিও দৃঢ়মনা জয়মতীয়ে স্বামীৰ বিষয়ে ক'বলৈ অমান্তি হয়৷ জয়মতীক জেৰেঙা পথাৰত নি গছত বান্ধি শাস্তি দিয়াৰ পিছতো স্বামী ক’ত লুকাই আছিল সেই বিষয়ে এটা শব্দও প্ৰকাশ নকৰে স্বামী ভক্তিৰে।
নিজৰ পত্নীৰ অত্যাচাৰৰ খবৰ লাভ কৰি নগা পাহাৰৰ পৰা ছদ্মবেশ ধৰি গদাপাণিয়ে জেৰেঙা পথাৰলৈ আহে। ছদ্মবেশী স্বামীক জয়মতীয়ে চিনি পোৱাৰ পাছতো ইংগিতেৰে পলাই থাকিবলৈ অনুৰোধ জনায়৷ এনেদৰে জেৰেঙা পথাৰত গছত বান্ধি ৰখা অৱস্থাত নানা শাস্তি পাই ১৪ দিনৰ মূৰত ১৬৭৯ চনত জয়মতীয়ে মৃত্যুবৰণ কৰে।
জয়মতীৰ এই মহান ত্যাগৰ সহায়তে ল'ৰা ৰজা আৰু লালুকখোলাৰ স্বেচ্ছাচাৰিতাৰ পৰা অসমবাসীক উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছিল গদাপাণিয়ে। নাটক খনত বৰ্তমান সমাজ আৰু জয়মতী সন্দৰ্ভত বাৰ্তা দিয়াৰ চেষ্টা কৰে৷ এই মহান ত্যাগক সুঁৱৰি নাটক খন মঞ্চস্থ কৰা হয়৷ নাটক খনত জয়মতী আৰু গদাপানীৰ মহান ত্যাগক সুন্দৰকৈ উপস্থাপন কৰে৷ ছদ্মবেশ ধৰি গদাপাণি জয়মতীক চাবলৈ অহা দৃশ্যই সকলোকে মোহিত কৰে৷
৩১ মাৰ্চৰ পুৱা উদযাপন সমিতিৰ সভানেত্রী জিনুমণি আৰন্ধৰাই পতাকা উত্তোলন কৰা পাছতেই স্মৃতি তর্পণ কৰে সম্পাদিকা ৰেখা গগৈ আৰু কোষাধ্যক্ষা ৰুমী হাজৰিকাই। কণ কণ ছাত্র-ছাত্রীসকলৰ মাজত বিভিন্ন প্রতিযোগিতা উদ্ধোধন কৰে চিলড্রেন হাউচ একাডমীৰ উপাধ্যক্ষা তুল্যপ্রভা শইকীয়াই। জয়মতী নাটক উদ্ধোধন কৰে আটাছুৰ কেন্দ্রীয় সমিতিৰ উপ-সভাপতি বসন্ত গগৈয়ে।
উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যালয়ৰ অধিবক্তা চন্দ্র গগৈ, শিক্ষাবিদ নৃপেন গগৈ, ধর্মৰঞ্জন গগৈ, আটাছু নেতা অখিল আহোম, নামতি আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া বিৰাজ কুমাৰ দাস, সহ-পৰিদর্শক পূর্বেশ্বৰ গগৈকে ধৰি বকেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।