নলবাৰীঃ নলবাৰী চহৰৰ ঐতিহ্যমণ্ডিত নলবাৰী নাট্য মন্দিৰত চলি থকা নাট সমাৰোহত মঙলবাৰে গোৰেশ্বৰৰ 'চিফুং দ্যা আৰ্টিষ্টে' প্ৰণৱ কুমাৰ বৰ্মনৰ ৰচনা আৰু পৰী শৰণীয়াই পৰিচালনা কৰা 'মোৰ ঘৰ ক'ত' আৰু বৰপেটাৰ পোহৰে নৰেন পাটগিৰিৰ ৰচনা আৰু নিতুল পাটোৱাৰীৰ পৰিচালনাৰে 'ক'লা আইনা' নামক নাট দুখন মঞ্চস্থ কৰে।

‘একতাৰ এনাজৰী’ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় যুৱ মৰ্চাৰ নলবাৰী জিলা সমিতিৰ সহযোগত অনুষ্ঠিত হৈ থকা নাট সমাৰোহত দ্বিতীয় দিনা এই দুখন নাট মঞ্চস্থ কৰা হয়। এদিন পূৰ্বে মনোজ শৰ্মাৰ সম্পাদনাত প্ৰকাশ পোৱা স্মৃতি গ্ৰন্থ 'এনাজৰী' উন্মোচন কৰে ৰাষ্ট্ৰীয় যুৱ মৰ্চাৰ ৰাজ্যিক উপ সভাপতি কিশোৰ দাসে।

সাহিত্যাচাৰ্য ড০ বসন্ত কুমাৰ ভট্টাচাৰ্য, সাংবাদিক কমলেশ শৰ্মা, কবি প্ৰণৱ কুমাৰ বৰ্মন, নাট্যকৰ্মী গোকুল মহন্ত উপস্থিত থাকে। অনুষ্ঠানত বিশিষ্ট নাট্যশিল্পী মুকুল ঈদিপাছক প্ৰাঞ্জল গোস্বামী সোৱৰণী চিফুং দ্যা আৰ্ট বঁটা প্ৰদান কৰা হয়।বুধবাৰে ' বাঘ' আৰু 'তুমি বিনে নাহি' নামৰনাট  দুখন মঞ্চস্থ কৰা হ’ব বুলি জানিব পৰা গৈছে।