18
Aug
2017

HSR Layout
নলবাৰীঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত চেপ্তেম্বৰ মাহত তিনিদিনীয়াকৈ অনুষ্ঠিত হব নৱম বাৰ্ষিক সদৌ অসম ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতা।
নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত হবলগীয়া ২, ৩, ৪, চেপ্তম্বৰত অসমৰ ভিন্ন প্ৰান্তৰ ২২ টা দলে অংশগ্ৰহণ কৰিব।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়-ববীয়া সকলৰ উপস্থিতিত ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতা খনৰ উদ্বোধন কৰিব জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই৷ লগতে উপস্থিত থাকিব।
ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতা খনৰ সমান্তৰালকৈ এইবাৰ নৱম বাৰ্ষিক ভবেন বৰুৱা বটা প্ৰদান কৰা পৰিচালক, নাট্যকাৰ তথা বিশিষ্ট অভিনেতা হেমন্ত দত্তক।এই শিশু নাট প্ৰতিযোগিতা খনত সকলোৰে সহায় সহয়োগিতা কামনা কৰিছে উদ্যোগতা সকলে।