
চামগুৰিঃ অসম নাট্য সন্মিলনৰ পুৰণিগুদাম শাখাৰ উদ্যোগত অহা ১০ আৰু ১১ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম শিশু নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে। নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামস্থিত ড০ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া শিশু নাট প্ৰতিযোগিতাত ১৪ বছৰ অনুৰ্ধৰ সকলো শিশু নাট্যদলত সৰ্বাধিক বাৰ গৰাকী শিশু অভিনেতাই অংশগ্ৰহণ কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে৷
সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ স্বৰ্গীয় ৰাম নাথ চমুৱা সোঁৱৰণী চলন্ত বঁটা সহ নগদ দহ হাজাৰ টকা আৰু মানপত্ৰ প্ৰদান কৰিব হিৰণ্য কুমাৰ চমুৱাই, দ্বিতীয় পুৰস্কাৰ স্বৰ্গীয় বানেশ্বৰ শৰ্মা সোঁৱৰণী চলন্ত বঁটা সহ নগদ সাত হাজাৰ টকা আৰু মানপত্ৰ প্ৰদান কৰিব দূৰ্লভ শৰ্মাই, তৃতীয় পুৰষ্কাৰ স্বৰ্গীয় হেমকান্ত হাজৰিকা সোঁৱৰণী চলন্ত বঁটা সহ নগদ পাঁচ হাজাৰ টকা আৰু মানপত্ৰ প্ৰদান কৰিব পুলিন হাজৰিকা, শৃংখলাবদ্ধ দলৰ পুৰস্কাৰ স্বৰ্গীয় পুলিন ফুকন সোঁৱৰণী বঁটা, নগদ তিনি হাজাৰ টকা আৰু মানপত্ৰ প্ৰদান কৰিব লুই ফুকনে৷
আনহাতে, শ্ৰেষ্ঠ পৰিচালকৰ পুৰস্কাৰ স্বৰ্গীয় নিৰঞ্জন শৰ্মা সোঁৱৰণী বঁটা সহ নগদ দুই হাজাৰ টকা আৰু মানপত্ৰ প্ৰদান কৰিব জগমোহন শৰ্মাই, শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ স্বৰ্গীয় মহেন্দ্ৰ শৰ্মা সোঁৱৰণী বঁটা সহ নগদ এহাজাৰ টকা আৰু মানপত্ৰ প্ৰদান কৰিব অনিল শৰ্মাই, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ নাট্যকাৰ, শ্ৰেষ্ঠ সহঃ অভিনেতা, শ্ৰেষ্ঠ সহঃঅভিনেত্ৰীৰ পুৰস্কাৰ ক্ৰমে এহাজাৰ টকা, বঁটা আৰু মানপত্ৰৰ লগতে প্ৰতিগৰাকী শিল্পী আৰু অংশগ্ৰহণকাৰীক প্ৰমান পত্ৰ প্ৰদান কৰিব বুলি শাখাৰ সভাপতি, সম্পাদক জগমোহন শৰ্মা আৰু ৰিন্টু শৰ্মাই জানিবলৈ দিয়ে৷
উপযোগী নাটকৰ দুটাকৈ পাণ্ডুলিপি ১ ফেব্ৰুৱাৰীৰ ভিতৰত সভাপতি, সম্পাদক, বিষ্ণু প্ৰসাদ ৰাভা ভৱন, কাৰ্যালয়, জাতীয় নাট্য সাহিত্য সংগ্ৰহালয়, অসম আৰু অসম নাট্য সন্মিলন, পুৰণিগুদাম, নগাঁও অথবা শৰ্মা বুক এম্প'ৰিয়াম, পুৰণিগুদাম, নগাঁও, পিন-782141 প্ৰেৰণ কৰিব পাৰিব৷ 88768-46237,99540 নম্বৰতো যোগাযোগ কৰিব পাৰিব৷